নেশ্যনেল ডেস্ক, 6 অক্টোবৰ :নিৰ্বাচন ওচৰ চাপি অহাৰ সমান্তৰালভাৱে কেন্দ্ৰৰ বিজেপি দলটো দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক সহজ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে ৷ এইবাৰ পুনৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সন্দৰ্ভত বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে শাসকীয় বিজেপি দলটোক ৷ শেহতীয়া এক X পোষ্টযোগে দলটোৱে ৰাহুল গান্ধীক ৰামায়ণৰ এটি নেতিবাচক চৰিত্ৰ হিচাপে চিহ্নিত ৰাৱণৰ সৈতে তুলনা কৰে ৷ যি কথাত জাঙোৰ খায় উঠিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷
পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰি Xৰ এক পোষ্টত উল্লেখ কৰে, " এয়া হ’ল নতুন যুগৰ ৰাৱণ ৷ ভাৰত বিপদত পৰিছে । তেওঁ দুষ্ট । ধৰ্ম বিৰোধী । ৰাম বিৰোধী । তেওঁৰ লক্ষ্য ভাৰত ধ্বংস কৰা’’ ।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই তেওঁৰ ভাতৃ তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক মহাকাব্য ৰামায়ণৰ ‘ৰাৱণ’ৰ ৰূপত চিত্ৰিত কৰা সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা কৰে । দলটোৰ অফিচিয়েল Xএকাউণ্টৰ পৰা উচটনিমূলক পোষ্ট কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ সমালোচনা কৰে গান্ধীয়ে ।