অসম

assam

ETV Bharat / bharat

Kharge on Odisha Train Mishap : ৰে'ল মন্ত্ৰী-প্ৰধানমন্ত্ৰীক সুধিবলগা বহু প্ৰশ্ন আছে; মল্লিকাৰ্জুন খাৰ্গে - congress raised questions on railway safety

ওড়িশাত সংঘটিত তিনিখন ৰে'লৰ দুৰ্ঘটনাৰ পিছত বিৰোধী নেতাসকলে ৰে'ল যাত্ৰীসকলৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে (Opposition leaders raised questions railway safety) । কিছু নেতাই আকৌ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰো দাবী জনাইছে ।

Kharge on Odisha Train Mishap
Kharge on Odisha Train Mishap

By

Published : Jun 3, 2023, 8:14 PM IST

Updated : Jun 3, 2023, 10:05 PM IST

নেশ্যনেল ডেস্ক, ৩ জুন : ওড়িশাৰ ৰে'ল দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে প্ৰায় তিনিশ যাত্ৰীৰ (Odisha triple train accident) । আনহাতে, আহত নশৰ ওচৰাওচৰি । তাৰ মাজতে দেশৰ ৰে'ল সেৱাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশই । লগতে ৰে'ল বিভাগ তথা চৰকাৰকো অভিযোগৰ কাঠগড়াত থিয় কৰাইছে বিৰোধীয়ে । এই প্ৰসংগতে শনিবাৰে কংগ্ৰেছে কয় যে ওড়িশাত ৰে'ল দুৰ্ঘটনাই পুনৰবাৰ প্ৰতীয়মান কৰিছে যে কিয় সুৰক্ষাক সদায় প্ৰাথমিকতা দিব লাগে আৰু সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰিব লাগে । দলটোৱে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সুধিবলগীয়া বহু প্ৰশ্ন আছে (demanding resignation of Ashwini Vaishnaw) । কিন্তু তাৰ বাবে অপেক্ষা কৰিব লাগিব, কিয়নো তাৎক্ষণিক কামটো হৈছে উদ্ধাৰ আৰু সাহায্যৰ ।

এক বিবৃতিত কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে কয় (Kharge on Odisha Train Mishap), "গুৰুতৰ ৰাষ্ট্ৰীয় দুৰ্যোগৰ দৰে ওড়িশাত সংঘটিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ এই মুহূৰ্তত মই কংগ্ৰেছ দলৰ সমগ্ৰ সংগঠনটোক সকলো সম্ভৱ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছোঁ ।" উল্লেখ্য যে দুৰ্ঘটনাস্থলীত ইতিমধ্যে বিভিন্ন ৰাজ্যৰ কেইবাজনো কংগ্ৰেছ নেতা উপস্থিত হৈছে বা শীঘ্ৰেই বালাছোৰত উপস্থিত হ'ব বুলি তেওঁ কয় । আনহাতে, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ খাৰ্গেয়ে আন্তৰিক সমবেদনা জ্ঞাপন কৰে (congress condoles of Odisha train accident victims) ।

"প্ৰধানমন্ত্ৰী আৰু ৰে'ল মন্ত্ৰীক সুধিবলৈ আমাৰ বহুতো প্ৰশ্ন আছে (congress raised questions on railway safety) । কিন্তু তাৰ বাবে অপেক্ষা কৰিব লাগিব । কিয়নো বৰ্তমান তাৎক্ষণিক কাম হৈছে উদ্ধাৰ আৰু সাহায্যৰ ।" খাৰ্গেয়ে কয় । উল্লেখ্য, খাৰ্গেয়ে লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী আৰু এআইচিচিৰ ওড়িশা প্ৰদেশৰ ভাৰপ্ৰাপ্ত নেতা এ চেল্লা কুমাৰক পৰিস্থিতিৰ বুজ ল'বলৈ আৰু লগতে কৰ্মী তথা সংগঠনসমূহে হাতত লোৱা সাহায্য প্ৰচেষ্টাৰ তদাৰক কৰিবলৈ তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈও নিযুক্তি দিছে । এআইচিচিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপালে এই কথা কয় (AICC general secretary KC Venugopal) ।

উল্লেখ্য, ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ সৈতে জড়িত তিনিখন ৰে'লৰ এই দুৰ্ঘটনাটো হৈছে দেশৰ ভিতৰত আটাইতকৈ ভয়ংকৰ চতুৰ্থটো ৰে'ল দুৰ্ঘটনা । এই দুৰ্ঘটনাটো শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত বালাছোৰ জিলাৰ বাহানাগা বজাৰ ষ্টেচনৰ ওচৰত সংঘটিত হয় । শেহতীয়া প্ৰাপ্ত তথ্য মতে, দুৰ্ঘটনাটোত ২৮৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰোধিক লোক আহত হয় ।

ইফালে কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক যোগাযোগ জয়ৰাম ৰমেশে এক টুইটযোগে কয়, "ওড়িশাত সংঘটিত ৰে'ল দুৰ্ঘটনাটো সঁচাকৈয়ে অতি ভয়ংকৰ । এইটো হৈছে আটাইতকৈ বেছি বেদনাৰ বিষয় । এই দুৰ্ঘটনাটোৱে এই কথা শক্তিশালীভাৱে প্ৰতিপন্ন কৰে যে ৰে'লৱে নেটৱৰ্কৰ কাম-কাজত সুৰক্ষা কিয় সদায়ে সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় হ'ব লাগে । বহুতো বৈধ প্ৰশ্ন উত্থাপন কৰিব লাগিব । কিন্তু তাৰ বাবে অপেক্ষা কৰা উচিত ।"

লগতে পঢ়ক :PM Modi on Odisha Train Crash : দোষীয়ে কঠোৰতম শাস্তি পাব, প্ৰধানমন্ত্ৰী মোদী

Last Updated : Jun 3, 2023, 10:05 PM IST

ABOUT THE AUTHOR

...view details