চকুৰ চাৰিওফালে ডাৰ্ক চাৰ্কল থকাটো এটা গুৰুতৰ স্বাস্থ্যজনিত সমস্যা নেকি? আচলতে তেনেকুৱা একো নহয়, কিন্তু বহুতে অনুভৱ কৰে যে তেওঁলোকৰ ডাৰ্ক চাৰ্কলই তেওঁলোকক ভাগৰুৱা, বয়সীয়াল বা অস্বাস্থ্যকৰ যেন লাগে । ইয়াৰ বাবেই মুখৰ সৌন্দৰ্যতা নষ্ট হৈ পৰে । ছালৰ ৰং উজ্জ্বল হোৱা মানুহৰ গাঢ় ডাৰ্ক চাৰ্কল বেছি দেখা যায় । যদিও ইয়াৰ পৰা মুক্তি পোৱাৰ বহু উপায় আছে, কিন্তু সাধাৰণতে স্বাস্থ্য বিশেষজ্ঞসকলে অধিক প্ৰাকৃতিক সমাধানৰ পৰামৰ্শ দিয়ে, আহকচোন সেইবোৰ চাওঁ ।
ডাৰ্ক চাৰ্কলৰ বাবে স্থায়ী সমাধান
১/ টোপনিৰ অভাৱ
ভাগৰ আৰু টোপনিৰ অভাৱৰ বাবে চকুৰ তলত ডাৰ্ক চাৰ্কল হ’ব পাৰে । ইয়াৰ উপৰিও ই আপোনাৰ মুখৰ ছালখন হালধীয়া কৰি তুলিব পাৰে, যাৰ বাবে আপোনাৰ ডাৰ্ক চাৰ্কলবোৰ ক’লা দেখাব পাৰে (Dark Circles Under Eyes)। নিশ্চিত হওক যে আপুনি প্ৰতি নিশা সাতৰ পৰা আঠ ঘণ্টা টোপনি গ্ৰহণ কৰিছে কাৰণ ইয়াৰ অবিহনে আপুনি সুস্বাস্থ্যৰ আশা কৰিব নোৱাৰে (Treatment Of Dark Circles )৷
২/ ৰ’দৰ পৰা সুৰক্ষা