নেশ্যনেল ডেস্ক,৩১ অক্টোবৰ :একাংশ বিৰোধী নেতাই দাবী কৰিছে যে তেওঁলোকৰ আইফোন ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হেক কৰাৰ চেষ্টা চলোৱা হৈছে । এই সন্দৰ্ভত তেওঁলোকে এপলৰ তৰফৰ পৰা সতৰ্কবাণী মেছেজ আৰু ই-মেইল লাভ কৰিছে । বিৰোধীৰ এই অভিযোগৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এপলক প্ৰকৃত আৰু সঠিক তথ্যৰ সৈতে তদন্তত সহযোগ কৰিবলৈ আহ্বান জনাইছে ।
কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক্সৰ এক পোষ্টত ৰাজনীতিবিদসকলৰ দাবীক ব্যাপক অনুমান বুলি অভিহিত কৰিছে । তেওঁ দাবী কৰে যে ভাৰত চৰকাৰে গোপনীয়তা সুৰক্ষিত কৰাৰ ভূমিকা অতি গুৰুত্ব সহকাৰে লৈছে ।
তেওঁ কৈছে ভাৰত চৰকাৰে সকলো নাগৰিকৰ গোপনীয়তা আৰু নিৰাপত্তা সুৰক্ষিত কৰাৰ দায়িত্ব অতি গুৰুত্ব সহকাৰে লৈ আহিছে । সেয়ে এই অধিসূচনাসমূহৰ ওপৰত তদন্ত কৰিব । তেওঁ আন এটা পোষ্টত কৈছে এনে তথ্য আৰু ব্যাপক অনুমানৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এপলক কথিত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হোৱা আক্ৰমণৰ প্ৰকৃত আৰু সঠিক তথ্যৰ ওপৰত তদন্তত সহযোগ কৰিবলৈও আহ্বান জনাইছে ।