হাথৰস,২০ ডিচেম্বৰ:দেশ কঁপোৱা হাথৰস ধৰ্ষণ কাণ্ডৰ তদন্ত আজিও অব্যাহত আছে ৷ চিবিআইয়ে এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰাৰ দুদিন পিছত ১৯ বৰ্ষীয় ধৰ্ষিতাৰ পৰিয়ালটোৱে উক্ত গাঁৱৰ সলনি অন্য ঠাইত বাস কৰাত আগ্ৰহ প্ৰকাশ কৰিছে ৷
উক্ত ধৰ্ষণ কাণ্ডত জড়িত চাৰিগৰাকীকৈ অভিযুক্তৰ পৰিয়ালে গাঁৱখনৰ কেইবাঘৰো দলিত সম্প্ৰদায়ৰ লোকক ধৰ্ষিতাৰ পৰিয়ালক সমৰ্থন নকৰিবলৈ দাবী উত্থাপন কৰিছে ৷ গাঁৱৰ প্ৰায় ৬৩ ঘৰ উচ্চজাতিৰ লোকে ধৰ্ষিতাৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰাৰ পৰাও বিৰত আছে ৷ চিবিআইয়ে শুকুৰবাৰে এই কাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰাৰ পিছত এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি সদৰী কৰে ধৰ্ষিতাৰ এজন ভাতৃয়ে ৷
ধৰ্ষিতাই মৃত্যুৰ পূৰ্বে দিয়া স্বীকাৰোক্তিত প্ৰকাশ কৰিছে এয়া গণ ধৰ্ষণ বুলি ৷ কিন্তু উত্তৰ প্ৰদেশ আৰক্ষীয়ে এয়া মানি ল’বলৈ অস্বীকাৰ কৰে ৷