অসম

assam

ETV Bharat / bharat

এলাহাবাদ আদালতত হাথৰছ ধৰ্ষণ কাণ্ডৰ প্ৰতিবেদন দাখিল চিবিআইৰ - এলাহাবাদ উচ্চ ন্যায়ালয়

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্নৌ বিচাৰক মণ্ডলীক হাথৰছ ধৰ্ষণ কাণ্ডৰ প্ৰতিবেদন দাখিল কৰে চিবিআইয়ে ৷ 10 ডিচেম্বৰত ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ অন্ত পৰিব বুলি প্ৰতিবেদনত উল্লেখ কৰা হয় ৷

হাথৰছ ধৰ্ষণ কাণ্ডৰ প্ৰতিবেদন দাখিল চিবিআইৰ
এলাহাবাদ উচ্চ ন্যায়ালয়

By

Published : Nov 25, 2020, 10:43 PM IST

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ :বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্নৌ বিচাৰক মণ্ডলীক হাথৰছ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ শেহতীয়া তদন্ত সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰে তদন্তকাৰী সংস্থাই (চিবিআই) ৷ প্ৰতিবেদনত কোৱা হয় যে, 10 ডিচেম্বৰত ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ অন্ত পৰিব ৷

চিবিআইৰ বিষয়া অনুৰাগ সিঙে বিচাৰক মণ্ডলীক জনাই যে, ফৰেনচিক ৰিপোৰ্টৰ বাবে অপেক্ষা কৰি থাকিব লগা হোৱা বাবে তদন্তই অধিক সময় লৈছে ৷ ঘটনা সম্পৰ্কত 16 ডিচেম্বৰত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে উচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য যে, 19 বৰ্ষীয় হাথৰছৰ ভুক্তভোগী যুৱতীগৰাকীক 14 ছেপ্তেম্বৰত চাৰিজন লোকে ধৰ্ষণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল ৷ ইয়াৰ পাচতে দিল্লীৰ এখন হাস্পতালত মৃত্যুক সাৱটি লৈছিল ভুক্তভোগীগৰাকীয়ে ৷

মাজনিশা তেওঁৰ মৃতদেহ সৎকাৰ কৰা হৈছিল ৷ তেওঁৰ পৰিয়ালৰ লোকে দাবী কৰিছিল যে, তেওঁলোকৰ অনুমতি আৰু উপস্থিতিৰ অবিহনে যুৱতীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল ৷

লগতে পঢ়ক :ক'ভিড-19ঃ কি কি নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ?

ABOUT THE AUTHOR

...view details