অসম

assam

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 10:29 AM IST

ETV Bharat / bharat

Haryana Hooch Tragedy : হাৰিয়ানাত নকল সুৰা সেৱনৰ ফলত মৃতকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি

হাৰিয়ানাৰ নকল সুৰা সেৱনৰ ঘটনাত আৰু পাঁচজন লোকৰ মৃত্যু হৈছে । ইয়াৰ ফলত এই শোকাৱহ ঘটনাত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পালে ।

হাৰিয়ানাত নকল সুৰা সেৱনৰ ফলত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি
Haryana Hooch Tragedy

নিউজ ডেস্ক, ১১ নৱেম্বৰ : হাৰিয়ানাত নকল সুৰা সেৱন কৰাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে । এই ঘটনাত আৰু পাঁচজন লোকৰ মৃত্যু হৈছে । ইয়াৰ ফলত এই শোকাৱহ ঘটনাটোত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পালে । জানিব পৰা মতে, মৃত্যু হোৱা লোকসকলৰ বেছিভাগ ফুলগড়, মণ্ডেবাৰী, পাঞ্জেটো কা মাজৰা, যমুনানগৰৰ চাৰণ গাঁও আৰু আনকেইজন আম্বালাৰ চুবুৰীয়া অঞ্চলৰ ।

আনহাতে, মৃতসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ দুজন প্ৰব্ৰজনকাৰী শ্ৰমিকো আছে । তেওঁলোকে এটা কাৰখানাত কাম কৰি আছিল । আম্বালা জিলাত নকল সুৰা সেৱন কৰাৰ পিছত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । তেওঁলোক দুয়োজনৰে বৃহস্পতিবাৰে চিকিৎসাৰ সময়ত মৃত্যু হয় । ইফালে আৰক্ষীয়ে ঘটনাটোৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰিছে ।

উল্লেখ্য যে নকল সুৰা সেৱনৰ পিছত মৃত্যুৰ প্ৰাৰম্ভিক খবৰ যমুনানগৰ জিলাৰ মণ্ডেবাৰীৰ পৰা আহিছিল । তাত সোমবাৰৰ পৰা বুধবাৰৰ ভিতৰত সাতজন লোকৰ মৃত্যু হয় । জানিব পৰা মতে, তেওঁলোকৰ কোনো মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাছিল । মৃতসকলৰ পাঁচজনৰ পৰিয়ালে আৰক্ষীক অৱগত নকৰাকৈয়ে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল । কিন্তু সন্দেহজনক পৰিস্থিতিত চিকিৎসালয়ত এজন লোকৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু এই ভয়ানক ঘটনাটো উন্মোচিত হয় ।

এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু কিছু সন্দেহজনক লোকক জেৰা কৰা হৈছে । আনহাতে, বহু ঠাইত অভিযান চলোৱা হৈছে আৰু গুৰুত্বপূৰ্ণ প্ৰমাণ জব্দ কৰা হৈছে বুলি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে জনাইছে । ইফালে গাঁওবাসীয়ে জনোৱা অনুসৰি সুৰা সেৱন কৰাৰ পিছত তেওঁলোকৰ কিছুমানে তেজ বমি কৰিবলৈ আৰম্ভ কৰিছিল আৰু চাৰিজন লোকক লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে এজনৰ মৃত্যু হয় ।

লগতে পঢ়ক :Oil tanker hits car: তেল টেংকাৰৰ খুন্দাত মৃত্যু চাৰিজনৰ, পলাতক অৱস্থাত তেল টেংকাৰৰ চালকজন

ABOUT THE AUTHOR

...view details