অসম

assam

ETV Bharat / bharat

Misbehave with woman passenger: মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা ষ্টেচন মাষ্টৰৰ বিৰুদ্ধে গোচৰ ৰুজু - GRP official Bhupendra Singh

হাৰিয়ানাৰ ৰেৱাৰী ৰে'ল ষ্টেচনত সংঘটিত হৈছে এক অশোভনীয় ঘটনা । এগৰাকী মহিলা যাত্ৰীক শৌচাগাৰত প্ৰৱেশ প্ৰত্যাখ্যান আৰু তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুজন ৰে'ল ষ্টেচন মাষ্টাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে (GRP registered case against Rewari railway station masters)।

misbehaving with woman passenger in Haryana
মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ ষ্টেচন মাষ্টাৰৰ

By

Published : Jul 27, 2022, 9:34 PM IST

নেচনেল ডেস্ক, জুলাই ২৭: ৰেল যাত্ৰাৰ সময়ত মহিলাসকলে বিভিন্ন সমস্য়াৰ সন্মুখীন হোৱাৰ ঘটনা প্ৰায়েই সংঘটিত হয় । ইয়াৰ মাজতে হাৰিয়ানাৰ ৰেৱাৰী ৰে'ল ষ্টেচনত সংঘটিত হৈছে তেনে এক ঘটনা। এগৰাকী মহিলা যাত্ৰীক সোমবাৰে শৌচাগাৰত প্ৰৱেশ প্ৰত্যাখ্যানৰ লগতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুজন ৰে'ল ষ্টেচন মাষ্টাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে (GRP registered case against Rewari railway station masters)।

দিল্লীৰ পশ্চিম বিহাৰৰ মহিলাগৰাকীয়ে অভিযোগ কৰি কয় যে, ৰেৱাৰী ৰেল ষ্টেচনৰ প্ৰতীক্ষাকক্ষত ৰেলৰ বাবে অপেক্ষা কৰি থাকোতে তেওঁ অসুস্থ হৈ পৰে । তেওঁ শৌচাগাৰলৈ যাব বিচাৰে যদিও মহিলা আৰু পুৰুষৰ দুয়োটাই শৌচালয় বন্ধ আছিল । তাৰ পিছত মহিলাগৰাকীয়ে ষ্টেচন মাষ্টাৰ বিনয় শৰ্মা আৰু ৰাম অৱতাৰৰ ওচৰলৈ গৈ শৌচাগাৰৰ ছাবি বিচাৰে । কিন্তু ষ্টেচন মাষ্টাৰে তেওঁক ছাবি দিবলৈ অস্বীকাৰ কৰি কৈছিল যে মহিলাসকলে শৌচালয় লেতেৰা কৰে

মহিলাগৰাকীয়ে ষ্টেচন মাষ্টাৰক ৰাজহুৱা শৌচালয়টো বন্ধ কৰিব নোৱাৰে বুলি কোৱাৰ লগে লগে দুয়োজন ষ্টেচন মাষ্টাৰে তেওঁক দুৰ্ব্যৱহাৰ কৰে । উক্ত ঘটনাৰ পিছত তেওঁ জিআৰপিক অভিযোগ দাখিল কৰে । জিআৰপি বিষয়া ভূপেন্দ্ৰ সিঙে সদৰি কৰা মতে, জিআৰপিয়ে ভাৰতীয় দণ্ড বিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত দুয়োজন ষ্টেচন মাষ্টাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্য়াহত ৰাখিছে (GRP official Bhupendra Singh)।

লগতে পঢ়ক:Incidents of female abuse: মুকালমুৱাত স্বামীৰ পৰিয়ালে হত্যা কৰিলে মহিলাক !

ABOUT THE AUTHOR

...view details