নিউজ ডেস্ক, 20 নৱেম্বৰ : গৰুৰ গোবৰক কেন্দ্ৰ কৰি সময়ে সময়ে বহু বিতৰ্কৰ সূত্ৰপাত ঘটে ৷ হিন্দু ধৰ্মৰ একাংশ তথাকথিত নেতাই গৰুৰ গোবৰৰ গুণাগুণ সম্পৰ্কে বহল ব্যাখ্যা আগবঢ়াই অহা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ এগৰাকী চিকিৎসকে গৰুৰ গোবৰ খোৱা(Haryana doctor eat cow dung)ৰ এটি ভিডিঅ’ ভাইৰেল হৈছে Social media ত ৷ এই দৃশ্যই সম্প্ৰতি চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷
হাৰিয়ানা(Haryana)ৰ এগৰাকী চিকিৎসকে কৰিছে এই কাৰ্য ৷ চিকিৎসকগৰাকী হাৰিয়ানাৰ কৰ্ণোল এলেকাৰ বাসিন্দা ৷ শিশুৰোগ বিশেষজ্ঞ(Child specialist) হিচাপে জনাজাত মনোজ মিট্টাল নামৰ চিকিৎসকগৰাকীয়ে গোবৰৰ উপকাৰিতাৰ বিষয়ে সাধাৰণ লোকক বুজাবলৈ গৈ ইয়াক ভক্ষণ কৰি এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল ৷