অসম

assam

ETV Bharat / bharat

হাৰিয়ানাত অক্সিজেনৰ ক’লা ব্যৱসায়ত জড়িতক আটক

হাৰিয়ানাত অক্সিজেন, অক্সিজেন চিলিণ্ডাৰ আৰু ৰেমডেচিভিৰ বেজীৰ ক’লা ব্যৱসায় ৷ হাৰিয়ানা আৰক্ষীয়ে ক’লা ব্যৱসায়ৰ সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা 45 গৰাকীকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷

হাৰিয়ানাত অক্সিজেনৰ কলা ব্যৱয়াসীৰ লগত জড়িত 45 গৰাকীক আটক
হাৰিয়ানাত অক্সিজেনৰ কলা ব্যৱয়াসীৰ লগত জড়িত 45 গৰাকীক আটক

By

Published : May 6, 2021, 7:42 PM IST

নেচনেল ডেস্ক,6 মে': দেশজুৰি কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ সময়তে হাৰিয়ানাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ অক্সিজেন, অক্সিজেন চিলিণ্ডাৰ আৰু ৰেমডেচিভিৰ বেজীৰ ক’লা ব্যৱসায়ীৰ সন্দৰ্ভত 21 টাকৈ এজাহাৰ ভিত্তিত হাৰিয়ানাৰ আৰক্ষীয়ে 45 গৰাকীকৈ ব্যক্তিক আটক কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে আৰক্ষীয়ে 77 টাকৈ অক্সিজেন চিলিণ্ডাৰ, ৰেমডেচিভিৰ 101 ভাইল জব্দ কৰিছে বুলি হাৰিয়ানাৰ আৰক্ষী সঞ্চালক প্ৰধান মনোজ যাদৱে জানিবলৈ দিয়ে ৷

কৰ’ণাৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেন আৰু এণ্টি ভাইৰেল ঔষধ ৰেমডেচিভিৰৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি পোৱাৰ সুযোগ গ্ৰহণ কৰি হাৰিয়ানাত একাংশ অসাধু ব্যক্তি আৰু ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰীয়ে অক্সিজেন আৰু ৰেমডেচিভিৰ ক’লা ব্যৱসায়ৰ লগত জড়িত হৈ পৰে ৷

উল্লেখ্য যে, 23 এপ্ৰিলৰ পৰা হাৰিয়ানা আৰক্ষীয়ে ৰাজ্যখনৰ 6 খন পৃথক জিলাৰ পৰা 45 গৰাকীকৈ ব্যক্তিৰ লগতে জীৱনদায়িনী সামগ্ৰীসমূহ জব্দ কৰে ৷ এই মহামাৰীৰ সময়ত হাৰিয়ানাৰ সাধাৰণ ৰাইজক এনে ধৰণৰ ক’লা ব্যৱয়াসীৰ তথ্য দিবলৈ ট’ল ফ্ৰী নম্বৰ 1800-180-1314 ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে হাৰিয়ানাৰ সঞ্চালক প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়ক :নলবাৰীত ব্ৰাউন চুগাৰসহ দুজনক আটক

ABOUT THE AUTHOR

...view details