অসম

assam

ETV Bharat / bharat

কৃষকে ভাঙি লণ্ড ভণ্ড কৰিলে মুখ্যমন্ত্ৰী খট্টৰৰ 'কিষাণ মহাপঞ্চায়ত' স্থলী - হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ কিষাণ মহাপঞ্চায়তৰ অনুষ্ঠান

প্ৰতিবাদী কৃষকৰ ক্ষোভৰ ফলত স্থগিত ৰাখিব লগীয়া হ'ল হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ কিষাণ মহাপঞ্চায়তৰ অনুষ্ঠান ৷ ক্ষোভিত কৃষকে অনুষ্ঠান স্থলী ভাঙি লণ্ড ভণ্ড কৰাৰ পাছতে অনুষ্ঠান স্থগিত ৰখা হয় ৷

Haryana CM's Kisan Mahapanchayat called off after farmers vandalise venue
কৃষকে ভাঙি লণ্ড ভণ্ড কৰিলে মুখ্যমন্ত্ৰী খট্টৰৰ 'কিষাণ মহাপঞ্চায়ত' স্থলী

By

Published : Jan 10, 2021, 10:46 PM IST

নেচনেল ডেস্ক, 10 জানুৱাৰী :প্ৰায় হাজাৰৰো অধিক প্ৰতিবাদী কৃষকে দেওবাৰে হাৰিয়ানাৰ কৰ্নালত কিষাণ মহাপঞ্চায়ত অনুষ্ঠানত হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় ৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ আগমণৰ ঠিক আগে আগে প্ৰতিবাদকাৰী কৃষকসকলে অনুষ্ঠানস্থলী ভাঙি লণ্ড ভণ্ড কৰাৰ পাছতে অনুষ্ঠান স্থগিত ৰাখিব লগীয়া হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি মঞ্চৰ সন্মুখৰ বেৰিকেড ভাঙি কৃষকসকলে অনুষ্ঠান স্থলীত প্ৰৱেশ কৰি ফুলৰ টাব, টেবুল আৰু চকী সমূহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বেনাৰ আৰু আঁৰি থোৱা ফুল সমূহ আঁজুৰি চিঙি পেলায় ৷

জানিব পৰা মতে কৃষকসকলৰ এই হিংসাত্মক ৰূপ দেখি আৰক্ষীয়ে মৌন দৰ্শক হৈ সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে ৷ সভাথলী ভাঙি লণ্ড ভণ্ড কৰাৰ পূৰ্বে কৃষকসকলে কাইম্লা গাঁৱত ক’লা পতাকা লৈ দল বান্ধি গোট খায় ৷ ক’লা পতাকা লৈ কৃষকসকল গোট খোৱা ঠাইখনক খট্টৰৰ হেলিকপ্তাৰ অৱতৰণৰ বাবে অস্থায়ী হেলিপেড হিচাপে তৈয়াৰ কৰি উলিওৱা হৈছিল ৷ মঞ্চ ধ্বংস কৰাৰ পূৰ্বে ক্ষুব্ধ কৃষকসকলে এই অস্থায়ী হেলিপেডো ধ্বংস কৰে ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত

ABOUT THE AUTHOR

...view details