চিটাৰা ডেস্ক, 13 ডিচেম্বৰ : ইজৰাইলত অনুষ্ঠিত হৈছিল এই বছৰৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনিত পাৰাগুৱেৰ নাডিয়া ফেৰিৰা (Nadia Ferreira) ই প্ৰথম ৰাণাৰ্ছ আপ আৰু দক্ষিণ আফ্ৰিকাৰ লালেলা মচৱানে (Lalela Mswane) দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰে ৷
13 ডিচেম্বৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত দৰ্শকৰ লগতে বিচাৰকসকলৰো দৃষ্টি আকৰ্ষণ কৰে ভাৰতৰ হৰনাজ সন্ধুয়ে ৷ Beauty Peagent টোত বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলাই বিচাৰকৰ আসন শুৱনি কৰিছিল ৷ প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ত Top 3 ৰ প্ৰতিযোগীলৈ বিচাৰকৰ ফালৰ পৰা সোধা বিশেষ এটা প্ৰশ্নৰ উত্তৰত হৰনাজে নিজৰ বুদ্ধিমত্তাৰে সকলোকে আপ্লুত কৰে ৷
বিচাৰকৰ বিশেষ প্ৰশ্নটো আছিল, "আপুনি মানসিক চাপৰ সৈতে মোকাবিলা কৰি থকা মহিলাসকলক কি পৰামৰ্শ দিব ?"
উত্তৰত হৰনাজ সন্ধুৱে কয়, "আপুনি এইটো বিশ্বাস কৰিব লাগিব যে আপুনি সবাতোকৈ পৃথক আৰু এই বিশ্বাসেই আপোনাক অধিক ধুনীয়া আৰু আনতকৈ পৃথক কৰি তুলিব ৷ সেইবাবে বাহিৰলৈ ওলাই আহক, মুকলিকৈ কথা কওক ৷ কিয়নো আপুনিয়েই আপোনাৰ জীৱনৰ একমাত্ৰ লীডাৰ" ৷