অসম

assam

Arunachal Khonsa jailbreak: নিৰাপত্তাৰক্ষীক হত্যা কৰি অৰুণাচল প্ৰদেশৰ কাৰাগাৰৰ পৰা পলায়ন দুধৰ্ষ উগ্ৰপন্থীৰ

By

Published : Mar 27, 2023, 10:14 AM IST

অৰুণাচল প্ৰদেশত কাৰাগাৰৰ পৰা পলায়ন দুধৰ্ষ উগ্ৰপন্থীৰ ৷ তিৰাপ জিলাৰ খুনচা কাৰাগাৰৰ পৰা এজন এছ চি এন (কে) নিকি চুমি গোটৰ উগ্ৰপন্থীকে ধৰি দুজন বন্দীৰ পলায়ন ৷ পলাতক কাৰাবন্দীৰ সন্ধানত অৰুণাচল প্ৰদেশ আৰক্ষীৰ বৃহৎ অভিযান (Militants escaped from Arunachal Pradesh jail) ৷

Arunachal Khonsa jailbreak
অৰুণাচল প্ৰদেশৰ কাৰাগাৰৰ পৰা পলায়ন দুধৰ্ষ উগ্ৰপন্থীৰ

তেজপুৰ, 27 মাৰ্চ: অৰুণাচল প্ৰদেশত কাৰাগাৰৰ পৰা পলায়ন দুধৰ্ষ উগ্ৰপন্থীৰ ৷ দেওবাৰে সন্ধিয়া কটকটীয়া নিৰাপত্তাৰে পৰিবেষ্টিত তিৰাপ জিলাৰ খুনচা কাৰাগাৰৰ পৰা এটা এছ চি এন (কে) নিকি চুমি গোটৰ উগ্ৰপন্থী আৰু আন এট অপৰাধী বন্দী পলাই যায় ৷ ইয়াৰ পাচতেই অৰুণাচল প্ৰদেশ আৰক্ষীয়ে দুয়োটা অপৰাধীক ধৰাৰ বাবে আৰম্ভ কৰিছে এক বৃহৎ অভিযান (Militants escaped from Arunachal Pradesh jail) ৷

কাৰাগাৰৰ পৰা পলাই যোৱা কাৰাবন্দী দুটাই এজন কৰ্তব্যৰত নিৰাপত্তা কৰ্মীৰ পৰা চাৰ্ভিচ ৰাইফল কাঢ়ি নিয়াৰ পিচত তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ এই গুলীচালনাত এজন নিৰাপত্তা কৰ্মীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত নিৰাপত্তাৰক্ষীজনক খুনচাৰ 1ম আই আৰ বি এনৰ চি টি ৱাংনিয়াম বোচাই বুলি চিনাক্ত কৰা হৈছে (Search Operation of Arunachal Pradesh Police) ৷

পলাতক কাৰাবন্দী দুটাৰ ভিতৰত আছে ৰোকচেন হোমচা লোয়াং (এনএছচিএন-(কে) নিকি চুমি গোটৰ দুধৰ্ষ উগ্ৰপন্থী) আৰু খুনচা কাৰাগাৰত বন্দী হৈ থকা অপৰাধী টিটপু কিটনিয়া ৷

এছ আই টিৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে জনোৱা মতে, দেওবাৰে সন্ধিয়া খুনচাৰ 1ম আই আৰ বি এনৰ চি টি ৱাংনিয়াম বোচাই নামৰ এজন কৰ্তব্যৰত নিৰাপত্তাকৰ্মীৰ পৰা কয়দী দুটাই AK47 চাৰ্ভিচ ৰাইফল কাঢ়ি লয় আৰু তেওঁৰ ওপৰত গুলীচালনা কৰে ৷ তেওঁ লগতে কয় যে, পলাই যোৱা কাৰাবন্দী দুটাক বিচৰাৰ বাবে এটা অভিযান চলি আছে (Militant Killed Police Personal in Arunachal) ৷

ৰোহিত ৰাজবীৰ সিঙে আৰু কয়, "গুলীচালনাৰ পিচত দুয়োটা কাৰাবন্দীয়ে খুনচাৰ ইউটিপি চেলৰ পৰা পলায়ন কৰে ৷ চি টি বোচাইক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ স্থানান্তৰিত কৰাৰ সময়তে তেওঁ শ্বহীদ হয় ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু পলায়ন কৰা কয়দী দুটাৰ সন্ধান উলিয়াবলৈ বৃহৎ অভিযান চলি আছে ।" জ্যেষ্ঠ আৰক্ষী বিষয়াজনে লগতে কয় যে, কাঢ়ি নিয়া AK 47 ৰাইফলটো লগত লৈ গৈছে পলাতক কয়দী দুটাই (NSCN militant in Arunachal) ৷

উল্লেখযোগ্য যে, পূব অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং, লংডিং, খুনচা অঞ্চলত এন এছ চি এন উগ্ৰপন্থীৰ কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে । চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ বাৰ্মাৰ কাষতে লাগি আছে এই কেইখন জিলা । ফলস্বৰূপে যি কোনো ঘটনা সংঘটিত কৰি অপৰাধী ঘন জংঘলৰ সুবিধা লৈ পলাই যাবলৈ সক্ষম হয় । ফেব্ৰুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে চাংলাং জিলাৰ দুৰ্গম অঞ্চলত এন এছ চি এনৰ এটা ঘাটি ধ্বংস কৰি অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিচত অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে প্ৰায় ২০ টা এন এছ চি এন উগ্ৰপন্থীক ইটানগৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ওচৰত আত্মসমৰ্পণ কৰাছিল (Manhunt on for hardcore militant)।

লগতে পঢ়ক:Third degree torture: চুৰিৰ প্ৰমাণ উলিয়াব নোৱাৰি যুৱকক কোবাই কোবাই চিকিৎসাধীন কৰিলে বশিষ্ঠ আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details