অসম

assam

ETV Bharat / bharat

PM Modi's speech : এইবাৰ কিয় অধিক গুৰুত্বপূৰ্ণ হৈছে প্ৰধানমন্ত্ৰীৰ ভাষণ ? - Independence Day of India

৭৭ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোডীয়ে লালকিল্লাৰ পৰা তেওঁৰ দশমটো ভাষণ প্ৰদান কৰে । ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশৰ মহান ব্যক্তিত্বৰ কথা স্মৰণ কৰে । পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সম্পৰ্কেও মন্তব্য কৰে মোডীয়ে ।

PM Modi's speech
এইবাৰ প্ৰধানমন্ত্ৰীৰ ভাষণ কিয় অধিক গুৰুত্বপূৰ্ণ হৈছে

By

Published : Aug 15, 2023, 1:36 PM IST

নেশ্যনেল ডেস্ক,১৫ আগষ্ট :দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰে । প্ৰধানমন্ত্ৰী মোডীৰ লগে পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলেও দেশবাসীক সম্বোধন কৰি 'মৰমৰ দেশবাসী' বুলি কৈ আহিছে । কিন্তু এই প্ৰধানমন্ত্ৰী মোডীয়ে তাৰ পৰিৱৰ্তে 'মৰমৰ পৰিয়ালৰ সদস্য' বুলি সম্বোধন কৰে ।

তেওঁ ভাষণৰ আৰম্ভণিতে ১৪০ কোটি জনসাধাৰণক পৰিয়ালৰ সদস্য বুলি সম্বোধন কৰাৰ লগতে ভাষণত কেইবাবাৰো একেটা কথাই উল্লেখ কৰা দেখা গ'ল । তেওঁ প্ৰতিগৰাকী ভাৰতীয়ক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে ১৪০ কোটি ভাৰতীয়ৰ পৰিৱৰ্তে পৰিয়ালৰ সদস্যসকল বুলি সম্বোধন কৰি তেওঁৰ দশম স্বাধীনতা দিৱসৰ ভাষণ আৰম্ভ কৰে । সাধাৰণতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত ১৪০ কোটি ভাৰতীয়ৰ কথা উল্লেখ কৰে যদিও সেয়া এইবাৰ শুনিবলৈ পোৱা নগ'ল । ইয়াৰ লগতে তেওঁ লালকিল্লাৰ পৰা বিশ্বক এক বাৰ্তা প্ৰদান কৰে । ভাষণত তেওঁ কয় যে নতুন বিশ্বত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লালকিল্লাৰ পৰা দশমটো ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ মহান ব্যক্তিত্বৰ কথাও উল্লেখ কৰে । তেওঁ দয়ানন্দ সৰস্বতী, মহৰ্ষি অৰবিন্দৰ লগতে ৰাণী দুৰ্গাৱতী আৰু মীৰাবাইক স্মৰণ কৰে । তেওঁ তেওঁৰ ভাষণত মণিপুৰৰ হিংসাৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয় যে শেহতীয়াকৈ শান্তিৰ খবৰ পোৱা গৈছে । শান্তিৰ দ্বাৰা হে সমস্যা সমাধান সম্ভৱ হ'ব বুলি তেওঁ দাবী কৰে ।

ইফালে দেশৰ ৰাজবংশীয় ৰাজনীতি সম্পৰ্কেও তেওঁ মন্তব্য কৰে । পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু স্বজনপোষণে দেশক ধ্বংস কৰিছে বুলিও তেওঁ অভিযোগ কৰে । সীমান্তৱৰ্তী গাঁওখন দেশৰ প্ৰথম খন গাঁও বুলিও তেওঁ উল্লেখ কৰে । প্ৰধানমন্ত্ৰীৰ মতে সীমান্তৰ গাঁওবোৰক দেশৰ অন্তিমখন গাঁও বুলি কোৱা হয় । বিজেপিয়ে সেই মানসিকতা সলনি কৰিছে । এতিয়া সেইবোৰ দেশৰ অন্তিম গাঁও নহয় । লক্ষণীয়ভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ সীমান্তৱৰ্তী গাঁৱৰ প্ৰায় ৬০০ গৰাকী গাঁও প্ৰধানকো আমন্ত্ৰণ জনোৱা হৈছিল ।

লগতে পঢ়ক :Modi's guarantee: অহা ৫ বছৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ

ABOUT THE AUTHOR

...view details