নেশ্য়নেল ডেস্ক, ৩অক্টোবৰ: উত্তৰ প্ৰদেশত ফতেহপুৰত অভিনয় কৰি থাকোতেই মৃত্য়ু হ'ল হনুমানৰ চৰিত্ৰত অভিনয় কৰা এজন অভিনেতা । ফতেহপুৰ জিলাৰ চালেমপুৰ গাঁৱত ৰামলীলা (shocking incident at Fatehpur)প্ৰদৰ্শনৰ সময়ত হনুমানৰ চৰিত্ৰত অভিনয় কৰা এজন ৫০ বছৰীয়া লোকৰ মঞ্চতে মৃত্যু ঘটে । ৰাম স্বৰূপ নামৰ অভিনেতাজনে অভিনয় কৰি থকাৰ সময়তেই হৃদৰোগত আক্ৰান্ত হৈ মঞ্চতে বাগৰি পৰে আৰু সেই মূহুৰ্ততেই মৃত্য়ুৰ কোলাত ঢলি পৰে । এই হৃদয় বিদাৰক ঘটনাটো শনিবাৰে নিশা সংঘটিত হয় (Ramlila performed in Salempur of Fatehpur district) । পিছত উক্ত ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে ।
উক্ত ঘটনাটো সন্দৰ্ভত প্ৰশাসনৰ এগৰাকী বিষয়াই কয়,"ৰামলীলাৰ প্ৰদৰ্শনৰ সময়ত হনুমানৰ নেজত জুই (At Ramlilas presentation tail of Hanuman setfire)লগোৱাৰ পিছতে চৰিত্ৰটো ৰূপায়ণ কৰি থকা ৰাম স্বৰূপ মঞ্চত বাগৰি পৰে আৰু খন্তেকৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও লোকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।"