নেশ্যনেল ডেস্ক, 15 ছেপ্টেম্বৰ :হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাত সংঘটিত হৈছে মানৱতাক লজ্জিত কৰা এক ঘটনা । শহুৰৰ পৰিয়ালে বিবাহিত মহিলা এগৰাকীৰ চুলি কাটি মুখখন ক’লা কৰি পেৰেড কৰোৱাইছে । ভোৰঞ্জ আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে । এই ঘটনা ১৫ দিন পূৰ্বে সংঘটিত হোৱা বুলি খবৰ আহিছে । আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈছে ৷ ঘটনা সন্দৰ্ভত বিবাহিতা মহিলাগৰাকীৰ বক্তব্য শুকুৰবাৰে ভোৰঞ্জ থানাত ৰেকৰ্ড কৰা হৈছে ।
এই গোচৰৰ অভিযুক্তসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি জানিব পৰা গৈছে । বৰ্তমান সময়ত ভুক্তভোগী মহিলাগৰাকীৰ চিকিৎসাৰ প্ৰক্ৰিয়া চলি আছে । ১৫ দিনৰ পাচতো ঘটনা সন্দৰ্ভত গোচৰ পঞ্জীয়ন নোহোৱাত স্থানীয় আৰক্ষীৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন হৈছে । অৱশ্যে এই ঘটনা পোহৰলৈ অহাৰ পিচত দুয়োপক্ষৰ মাজত কথাটো নিষ্পত্তি হোৱাত এই গোচৰ ৰুজু কৰা নহ’ল বুলি কোৱা হৈছে । এই ঘটনাৰ ভিডিঅ’ও পোহৰলৈ আহিছে, য’ত স্পষ্টকৈ দেখা যায় যে মহিলাগৰাকীৰ চুলি কাটি দিয়া হৈছে, মুখখন ক’লা কৰা হৈছে আৰু তেওঁক গাঁৱত ঘূৰাই লৈ ফুৰোৱা হৈছে । ১৫ দিনৰ অন্তত অৱশেষত ভোৰঞ্জ আৰক্ষী থানাত উপস্থিত হৈ মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰে ।
‘ছ’চিয়েল মিডিয়াৰ জৰিয়তে আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে ভিডিঅ’টো ।এই গোচৰত ভোৰঞ্জ থানাত ৰুজু হৈছে এফআইআৰ । মহিলাগৰাকীৰ বক্তব্য ৰেকৰ্ডিং কৰি থকা হৈছে । বিষয়টোত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । মহিলাগৰাকীৰ এই বক্তব্য CrPC 154C ৰ অধীনত লিপিবদ্ধ কৰা হৈছে ’। এছ পি হামিৰপুৰ ডাঃ আকৃতি শৰ্মা