নেশ্যনেল ডেস্ক, 16 জানুৱাৰী: গুজৰাটত বলীউডৰ চিনেমাৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে (Friend Murder his friend)৷ সমকামী শাৰীৰিক সম্বন্ধত লিপ্ত হ’বলৈ সন্মতি প্ৰদান নকৰাৰ বাবে বন্ধুৱে হত্যা কৰিলে বন্ধুক (Friend killed for demanding same sex relationship) ৷ ঘটনা অনুসৰি যোৱা 7 জানুৱাৰীত নিৰুদ্দেশ হৈছিল সুমন চন্দ্ৰসিং পাৰমাৰ নামৰ এজন যুৱক (Murder for same sex relationship) ৷ সুমন নিখোজ হৈ থকাৰ পিছতে পৰিয়ালৰ লোকে পৱগড় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল ।
আৰক্ষীয়ে পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত সুমনক বিচাৰিবলৈ কেইবাটাও দল গঠন কৰিছিল ৷ আৰক্ষীয়ে তদন্তৰ নিয়ম অনুসৰি ক্ৰমান্বয়ে যুৱকজনৰ আত্মীয় আৰু বন্ধুবৰ্গক জেৰা চলাবলৈ আৰম্ভ কৰিছিল ৷ জেৰা চলি থকাৰ থকা অৱস্থাতে এজন প্ৰাপ্তবয়স্ক লোকক সন্দেহ কৰে আৰক্ষীয়ে । লোকজনৰ নাম ৰাঞ্চোদ ভীমাভাই ৰাথৱা। ৰাঞ্চোদৰ ওপৰত আৰক্ষীৰ সন্দেহ হোৱাত আৰক্ষীয়ে তেওঁৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰে ৷
আৰক্ষীয়ে প্ৰথমবাৰ সোধ পোছ কৰাত লোকজনে একো কোৱা নাছিল যদিও দ্বিতীয়বাৰ সোধ পোছ কৰাত ৰাঞ্চোদে বন্ধুক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ তেওঁ আৰক্ষীক কৈছিল যে মৃত সুমনে বাৰে বাৰে ৰাঞ্চোদক তেওঁৰ লগত সমকামী সম্বন্ধ অথবা অনৈতিক সম্বন্ধ ৰাখিবলৈ জোৰ জবৰদস্তি কৰিছিল । ফলত এনে মানসিক চাপত একপ্ৰকাৰে ভাগি পৰিছিল ৰাঞ্চোদ নামৰ লোকজন ৷ ফলত উপায়হীন হৈ ৰাঞ্চোদে সুমনক হত্যা কৰাৰ সিদ্ধান্ত লয় ৷