নিউজ ডেস্ক,3 ফেব্ৰুৱাৰী: কৰ’ণা মহামাৰীয়ে সৰ্বত্ৰে বিভীষিকাৰ সৃষ্টি কৰাৰ মাজতেইচাইবাৰ অপৰাধীসলে কৰ’ণা ভেকচিন প্ৰদানৰ নামত ৰাইজৰ পৰা ভুৱাকৈ সৰকাইছে ধন ৷ চৰকাৰে কৰ’ণাৰ প্ৰতিষেধক মুকলি কৰাৰ সমান্তৰলাকৈ চাইবাৰ অপৰাধী সকলেও একে কথাৰে ৰাইজক ঠগিবলৈ আৰম্ভ কৰিছে ৷
চাইবাৰ চোৰসকলে কৰ’ণাৰ প্ৰতিষেধ লাভৰ বাবে নাম দাখিলৰ ভুৱা প্ৰক্ৰিয়াৰে যিকোনো লোকৰে ব্যক্তিগত সকলো তথ্য সংগ্ৰহ কৰি সেইসমূহ অন্য হেকাৰক বিক্ৰী কৰে ৷ ইয়াৰ উপৰিও নাম অন্তৰ্ভিক্তিৰ নামতো ধন সংগ্ৰহ কৰে চাইবাৰ চোৰে ৷ চাইবাৰ চোৰসমূহে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে কৰ’ণা ভেকচিনৰ বাবে নাম পঞ্জীয়নৰ ক্ষেত্ৰত এটি লিংক প্ৰেৰণ কৰে ৷ ব্যৱহাৰকাৰীয়ে এই লিংকটোত ক্লিক কৰি নিজৰ সকলো ব্যক্তিগত তথ্য প্ৰদান কৰাৰ লগে লগেই এই তথ্যসমূহ ‘ডিপ ৱেব’ৰ জৰিয়তে অন্য হেকাৰলৈ উচ্চ মূল্যত বিক্ৰী কৰা হয় ৷ ইয়াৰ সামান্তৰলাকৈ নাম অন্তৰ্ভূক্তিৰ বাবে ‘পেটি এম’ৰ দ্বাৰা ধন সংগ্ৰহ কৰা হয় ৷
এই সমগ্ৰ প্ৰক্ৰিয়াতে ধন সংগ্ৰহৰ পৰিমাণ ক্ষুদ্ৰ হোৱা বাবে ব্যৱহাৰকাৰীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰাৰ কথা পোহৰলৈ অহা নাই ৷ কিন্তু ইতিমধ্যে বহু লোক এই প্ৰবঞ্চনাৰ বলি হৈছে ৷ যাৰ ফলত সামগ্ৰিকভাৱে এক মোটা অংকৰ ধন সংগ্ৰহ কৰিছে চাইবাৰ প্ৰবঞ্চকে ৷
ৰাইজৰ ঠগাৰ প্ৰক্ৰিয়া-
ব্যক্তিগত তথ্য প্ৰদানৰ বাবে লিংক প্ৰেৰণ:
চাইবাৰ চিকিউৰিটি বিশেষজ্ঞ আয়ুষ ভৰদ্বাজে কৈছে যে, কৰ’ণা ভেকচিনৰ প্ৰতিষেধকৰ বাবে নাম অন্তৰ্ভূক্ত কৰিবলৈ চাইবাৰ প্ৰবঞ্চকে বিভিন্ন সামাজিক মাধ্যমযোগে ব্যৱহাৰকাৰী সকলক এটি লিংক প্ৰেৰণ কৰে ৷ এই লিংকটো চৰকাৰীভাৱে প্ৰতিষেধকৰ বাবে নাম অন্তৰ্ভূক্তি বুলি প্ৰেৰণ কৰা হয় ৷ ব্যৱহাৰকাৰীয়ে লিংকটোত ক্লিক কৰি নিজৰ সকলো ব্যক্তিগত তথ্য যেনে ফোন নম্বৰ, আধাৰ কাৰ্ড, পিন কাৰ্ড আদি প্ৰদানৰ পিছতেই সমগ্ৰ তথ্য ‘ডিপ ৱেব’ৰ দ্বাৰা অন্যান্য হেকাৰক বিক্ৰী কৰা হয় ৷
নাম অন্তৰ্ভক্তিৰ বাবদ পেটিএমৰ জৰিয়তে ধন সংগ্ৰহ: