নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ :তামিলনাডুৰ হেলিকপ্তাৰ দুৰ্ঘটনা(Chopper crash in Coonoor) ত দেশৰ প্ৰথম চিডিএছ জেনেৰেল বিপিন ৰাৱাট, পত্নী মধুলিকা ৰাৱাটকে ধৰি ১৩ গৰাকী সেনাৰ শীৰ্ষ বিষয়া-জোৱানে প্ৰাণ হেৰুৱাইছিল ৷ এই দুৰ্ঘটনাতে মৃত্যুক আঁকোৱালি লয় তামিলনাডুৰ তৰণতৰণ জিলাৰ সেনা বাহিনীৰ জোৱান নায়েক গুৰসেৱক সিঙে ৷
Chopper crash in Coonoor : প্ৰাণ হেৰুৱালে দাৰ্জিলিং-তামিলনাডুৰ সেনা জোৱানে - তামিলনাডুৰ সেনা জোৱান নায়েক গুৰসেৱক সিঙৰ মৃত্যু
বুধবাৰৰ তামিলনাডুৰ কুনুৰত সংঘটিত অভিশপ্ত হেলিকপ্তাৰ দুৰ্ঘটনা(Chopper crash in Coonoor)ই প্ৰাণ কাঢ়িলে সপত্নীক সেনাপ্ৰধান বিপিন ৰাৱাটৰ লগতে 13 গৰাকীকৈ লোকৰ ৷ এই দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাইছে তামিলনাডুৰ সেনা জোৱান নায়েক গুৰসেৱক সিং আৰু দাৰ্জিলিঙৰ সতপাল ৰায়ে ৷
![Chopper crash in Coonoor : প্ৰাণ হেৰুৱালে দাৰ্জিলিং-তামিলনাডুৰ সেনা জোৱানে Chopper crash in Coonoor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-13856884-thumbnail-3x2-a.jpg)
ইফালে, একে দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাইছে দাৰ্জিলিঙৰ জোৱান সতপাল ৰায়ে ৷ তকদাহৰ গ্লেনবাৰ্ণৰ মানেদাৰাৰ বাসিন্দা আছিল মৃত সতপাল ৰায় । ৰাজ্য চৰকাৰক ইতিমধ্যে সেনাই বিষয়টো অৱগত কৰে । বুধবাৰে সন্ধিয়া এই খবৰ লাভ কৰাৰ পিছতে তেওঁৰ গৃহ চহৰৰ লোকসকলে মমবাতি জ্বলাই শিলিগুৰিৰ হাছমী চ’কত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জোৱানগৰাকীক । দাৰ্জিলিঙৰ জিলা দণ্ডাধীশ এছ পোননাম্বালামে কয় যে, "আমি বিষয়টোৰ বিষয়ে জানিব পাৰিছিলো । আমি ইতিমধ্যে এই বিষয়ে পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিছো" ৷
লগতে চাওক:Chopper Crash timeline : কুনুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনাৰ সময়ৰেখা