নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ :উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই গুৱাহাটী ৰে'ল ষ্টেচনলৈ অহা-যোৱা কৰা এচি বৈদ্যুতিক ট্ৰেক্সন (AC electric traction) প্ৰৱৰ্তনৰ বাবে ৰে'ল সুৰক্ষা আয়োগৰ (CRS) অনুমোদন লাভ কৰিছে । ৰে'ল মন্ত্ৰালয়ৰ মতে, গুৱাহাটী হৈছে উত্তৰ-পূৱৰ আটাইতকৈ ডাঙৰ আৰু ব্যস্ত ৰে’ল ষ্টেচন । এইটো এতিয়া ২৫ কেভি এচি ট্ৰেক্সনৰ জৰিয়তে সকলো মুখ্য চহৰৰ সৈতে সংযুক্ত হৈ আছে ।
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই (NFR) কাটিহাৰৰ পৰা গুৱাহাটীলৈ মুঠ ৬৪৯ RKM/১২৯৪ TKM বৈদ্যুতিকৰণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে । এনেদৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত পৰি থকা মুঠ হাই ডেনচিটি নেটৱৰ্ক (HDN) পথ (৬৪৯ RKM) বৈদ্যুতিক ট্ৰেক্সনৰ সৈতে আৰম্ভ কৰা হৈছে । ইয়াৰ জৰিয়তে এতিয়া নতুন দিল্লীক গুৱাহাটীৰ সৈতে নিৰ্বিঘ্ন বৈদ্যুতিক ট্ৰেক্সনত সংযোগ কৰিব ।