নেশ্যনেল ডেস্ক, ৩ আগষ্ট : প্ৰসংগ গুৰুগ্ৰামৰ হিংসা । শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে আমেৰিকাই । নতুন দিল্লীৰ সমীপৰ গুৰুগ্ৰামত হোৱা সাম্প্ৰদায়িক হিংসাৰ ফলত কোনো আমেৰিকান প্ৰভাৱিত হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত আমেৰিকা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান জনাইছে আৰু উভয় পক্ষক হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে । ৰাজ্যিক বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে সকলো পক্ষক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ।
ইয়াৰ পূৰ্বে বুধবাৰে হাৰিয়ানা চৰকাৰে গুৰুগ্ৰামত অব্যাহত অগ্নিসংযোগ আৰু হিংসাত্মক কাৰ্যকলাপৰ মাজত কেন্দ্ৰীয় বাহিনীৰ আৰু ৪ টা কোম্পানী বিচাৰিছিল । বজৰং দলৰ এজন কৰ্মীৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পাচত কাষৰীয়া নুহৰ পৰা আৰম্ভ হোৱা সাম্প্ৰদায়িক হিংসাত মৃত্যুৰ সংখ্যা ৬ লৈ বৃদ্ধি পাইছে ।
মৃত লোকজনৰ নামৰ প্ৰদীপ শৰ্মা বুলি জানিব পৰা গৈছে । তেওঁ দিল্লীৰ এখন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল য'ত তেওঁৰ মৃত্যু হয় । তেওঁ সোমবাৰে নুহৰ খেদলা মোডৰ সমীপত বিশ্ব হিন্দু পৰিষদৰ সমদলত আক্ৰমণ হোৱাৰ ফলত আহত হোৱাসকলৰ ভিতৰত আছিল ।