অসম

assam

ETV Bharat / bharat

গুৰু নানক দেৱ ন্যায়-আধ্যাত্মিকতা-সহানুভূতিৰ প্ৰতীক : Amit Shah - গুৰুপৰ্ব

আজি গুৰু নানক দেৱ(Guru Nanak Dev)ৰ ৫৫২ সংখ্যক প্ৰকাশ পৰ্ব । পৱিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Amit Shah) । তেওঁ কয় যে, গুৰু নানক দেৱ ন্যায়ৰ প্ৰতীক ।

Prakash Parv of Sri Guru Nanak Dev Ji
গুৰু নানক দেৱৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন অমিত শ্বাহৰ

By

Published : Nov 19, 2021, 10:58 AM IST

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ: শিখ ধৰ্ম(Sikhism)ৰ প্ৰতিষ্ঠাপক গুৰু নানক দেৱ(Guru Nanak Dev)ৰ ৫৫২ সংখ্যক প্ৰকাশ পৰ্বত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Amit Shah) । গুৰু নানক দেৱৰ আদৰ্শ-নীতিৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি তেওঁ কয় যে, গুৰু নানক দেৱ ন্যায়, আধ্যাত্মিকতা, সহানুভূতিৰ প্ৰতীক । তেওঁৰ আদৰ্শই মানুহক আনৰ কল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে । গুৰু নানক দেৱৰ জন্ম জয়ন্তীত টুইটযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিখ ধৰ্মাৱলম্বী লোকসকলক শুভকামনা জনায় ।

তেওঁ টুইটত উল্লেখ কৰে যে, সমাজত সম্প্ৰীতি, সাংস্কৃতিক একতা বৰ্তাই ৰাখি জনতাৰ উপকাৰৰ সাধন সন্দৰ্ভত তেওঁৰ আদৰ্শই সদায় সকলোকে জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে । উল্লেখ্য যে, গুৰু নানক জয়ন্তীক গুৰুপৰ্ব বুলিও জনা যায় । গুৰুপৰ্বক শিখ ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে গণ্য কৰা হয় । এই দিনটোতে শিখ ধৰ্মৰ ভেটি স্থাপন কৰোঁতা গুৰু নানক দেৱৰ আবিৰ্ভাৱ হৈছিল ।

১৪৬৯ চনত পাকিস্তানৰ তালৱান্দিত জন্মগ্ৰহণ কৰা গুৰু নানক দেৱে 'Ik Onkar'ৰ বাৰ্তা প্ৰচাৰ কৰিছিল । ইয়াৰ অৰ্থ হৈছে 'এজন ঈশ্বৰ' ।

লগতে পঢ়ক:Tripura Police ৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ সুস্মিতা দেৱৰ

ABOUT THE AUTHOR

...view details