নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল:উত্তৰাখণ্ডৰ হৰিদ্বাৰত চলি আছে কুম্ভমেলা । লাখ লাখ ভক্তৰ আগমন হৈছে কুম্ভমেলাত । যান-জঁটৰ কথা চিন্তা কৰি কুম্ভমেলাৰ মূল স্থানত বাহনৰ প্ৰৱেশত বাধা দিয়া হৈছে । কিন্তু শেহতীয়াকৈ উদ্যোগপতি গুপ্তা ভাতৃসকলৰ বাহন প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰাকলৈ এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে । তেওঁলোকৰ ছয়খন বাহনৰ প্ৰৱেশত অনুমতি আছিল যদিও অঞ্চলটোত দহখন বাহন প্ৰৱেশ কৰিছিল ।
প্ৰশাসনে তেওঁলোকৰ কনভয়ৰ বাবে আৰক্ষীৰো ব্যৱস্থা কৰে । হৰিদ্বাৰত দুখন মুখ্য হোটেল গুপ্তা ভাতৃসকলে ধৰ্মীয় ৰীতি-নীতি পালনৰ বাবে বুক কৰিছে । ৰাম ঘাটৰ এখন হোটেল বুক কৰা হৈছে, আনহাতে পৰিয়ালটো হৰ কি পাউৰীৰ ওচৰৰ এখন হোটেলত আছে । ইফালে কণ্ঠশিল্পী কৈলাশ খেৰো সেই স্থানত উপস্থিত হৈছে ।