নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দক্ষিণ কাশ্মীৰত দ্বিতীয়বাৰৰ বাবে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হৈছে সংঘৰ্ষ । কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে জানিবলৈ দিছে যে, শ্বপিয়ানৰ চৌগাম গাঁৱত গুলীয়াগুলী সংঘটিত হৈছে (Encounter underway in South Kashmir) । আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত থকা বুলিও জনাইছে কাশ্মীৰ আৰক্ষীয়ে ।
ইয়াৰ পূৰ্বে শুকুৰবাৰে, জম্মু-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছিল আন এক সংঘৰ্ষ ৷ নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী হৈছিল এজন সন্ত্ৰাসবাদী । নিহত সন্ত্ৰাসবাদীটো এগৰাকী আৰক্ষী পৰিদৰ্শক, তিনিগৰাকী বিজেপি কৰ্মীক হত্যা কৰাৰ লগতে আন কেইবাটাও আক্ৰমণৰ ঘটনাৰে জড়িত আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।