নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ :ভাৰত পাকিস্তান সীমান্তৰ জম্মুত পুনৰ উত্তেজনাময় পৰিৱেশ (Tense situation in Jammu)। ধৰাবাহিকভাৱে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এনকাউণ্টাৰ অব্যাহত ৰখাৰ মাজতে জম্মু জিলাৰ চিধৰা অঞ্চলত পুনৰ গুলীচালনা (Firing in Sidhara Jammu)। নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় । এই গুলীচালনাৰ মাজতে ৩ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে ।
জম্মু জ'নৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) মুকেশ সিঙে জনোৱা মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰিয়ে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে অঞ্চলটোত এটা নিৰাপত্তা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰে (Security forces encounter in Jammu)। ইফালে সন্ত্ৰাসবাদীসকলক নিষ্ক্ৰিয় কৰিবলৈ অঞ্চলটোলৈ অধিক জোৱান ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে বুলিও আৰক্ষীয়ে জনাইছে । তেনে সময়তে উক্ত স্থানত এখন ট্ৰাকৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰা হয় ।
লগে লগে ট্ৰাকখন নিৰাপত্তা বাহিনীয়ে অনুসৰণ কৰে । অৱশ্যে চিধৰাত ট্ৰাকখন ৰখাই যদিও চালকজনে পলায়ন কৰে । কিন্তু ট্ৰাকখনৰ ভিতৰত লুকাই থকা সন্ত্ৰাসবাদীকেইটাই নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে । অৱশ্যে তাৰ প্ৰত্যুত্তৰত সন্ত্ৰাসবাদীক লক্ষ্য কৰি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়েও এনকাউণ্টাৰ আৰম্ভ কৰে । এই গুলীচালনাৰ ঘটনাত ৩ টা সন্ত্ৰাসবাদী নিহত হয় (3 militants killed in Jammu)।