নেশ্যনেল ডেস্ক, 15 ডিচেম্বৰ : বিগত কিছুদিনৰে পৰা দক্ষিণ কাশ্মীৰৰ অধিকাংশ অঞ্চলত অশান্ত পৰিস্থিতি উদ্ভৱ হৈ আহিছে ৷ কিয়নো অধিকাংশ এলেকাতে প্ৰায়ে সংঘটিত হৈ আহিছে নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ ৷ বুধবাৰেও মাজনিশা দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ উজৰাম পাথৰী অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ এই সংঘৰ্ষত নিহত হৈছে এটা সন্ত্ৰাসবাদী ৷
পুলৱামাৰ সমীপৰ ৰাজপোৰা গাঁৱৰ উজৰাম পাথৰী অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীচালনা সংঘটিত হয় ৷ বুধবাৰে মাজনিশা সংঘটিত এই সংঘৰ্ষত দুয়োপক্ষই গুলীচালনা কৰে বুলি শীৰ্ষ আৰক্ষী বিষয়াই সদৰী কৰে ৷ উক্ত অভিযানটো চলাইছিল সেনাৰ ৪৪ RR, পুলৱামা আৰক্ষী আৰু চিআৰপিএফৰ এটা দলে ৷
লগতে চাওক:Militant attack in Srinagar : অচিনাক্ত বন্দুকধাৰীৰ গুলীবৰ্ষণত আহত 14 গৰাকী আৰক্ষী
ইফালে নিহত সন্ত্ৰাসবাদীটো শ্বপিয়ান জিলাৰ দৰ ফিৰোজ নামৰ হিজবুল মুজাহিদিনৰ সদস্য বুলি চিনাক্ত কৰা হৈছে ৷ 2017 চনৰ পৰাই সন্ত্ৰাসবাদী সংগঠনটোৰ হকে কাম কৰি আহিছিল মৃত ফিৰোজে ৷
অঞ্চলটোত সন্ত্ৰাসবাদী অৱস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীৰ দলে সমগ্ৰ এলেকাতে তালাচী অভিযান আৰম্ভ কৰে ৷ নিৰাপত্তাৰক্ষীৰ দলটোৱে উগ্ৰপন্থীসকলে অৱস্থান কৰি থকা অঞ্চলটোৰ সমীপত উপস্থিত হওঁতে তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ হয় ৷ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীৰ দলটোৱেও গুলী চলায় ৷
এই ঘটনা সংঘটিত হৈছে আৰিপুৰা ঝীৱান অঞ্চলৰ পৰা প্ৰায় 30 কিল’মিটাৰ দূৰৈত ৷ যি এলেকাত আজি কিছুদিন পূৰ্বে সন্ত্ৰাসবাদীয়ে আৰক্ষীক কঢ়িয়াই আনি থকা এখন বাছত আক্ৰমণ কৰিছিল ৷ অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত আহত হৈছিল প্ৰায় 14 গৰাকীকৈ আৰক্ষী ৷ বিপৰীতে নিহত হৈছিল 3 গৰাকী ৷
লগতে চাওক:Death toll in Srinagar attack rises : শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা আৰক্ষীৰ সংখ্যা ৩ জনলৈ বৃদ্ধি