অসম

assam

ETV Bharat / bharat

লণ্ডনত গুজৰাটৰ ছাত্ৰৰ আত্মহত্যা, মৃতদেহ ঘৰলৈ আনিবলৈ চৰকাৰক আবেদন পৰিয়ালৰ

ছাত্ৰ ভিছাৰে লণ্ডনলৈ যোৱা গুজৰাটৰ এজন যুৱকৰ আত্মহত্যা । যুৱকজনক হত্যা কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে । ছাত্ৰজনৰ মৃতদেহ ঘৰলৈ অনাৰ বাবেও প্ৰাৰ্থনা পৰিয়ালৰ ।

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 3:14 PM IST

Patan youth commits suicide in london
লণ্ডনত গুজৰাটৰ ছাত্ৰৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ : গুজৰাটৰ পাটন জিলাৰ চানস্মা তালুকাৰ ৰাণাচান গাঁৱৰ এগৰাকী কৃষকৰ পুত্ৰই দুমাহ পূৰ্বে ছাত্ৰ ভিছাৰে লণ্ডনলৈ গৈছিল । কিন্তু যোৱা ৫ দিন ধৰি ছাত্ৰজনে তেওঁৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক স্থাপন কৰা নাছিল । হঠাতে পৰিয়ালটোৱে ছাত্ৰজনৰ মৃত্যুৰ খবৰ লাভ কৰে । লগে লগে পৰিয়ালটোৰ ওপৰত সৰগ ভাগি পৰে । অৱশ্যে ছাত্ৰজনে আত্মহত্যা কৰা বুলি প্ৰকাশ পাইছে । কিন্তু পৰিয়ালটোৱে ইয়াক মানি ল'বলৈ প্ৰস্তুত নহয় । এতিয়া পৰিয়ালৰ সদস্য আৰু গাঁওখনৰ চৰপঞ্চে ছাত্ৰজনৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাইছে ।

প্ৰাপ্ত খবৰ অনুসৰি ৰাণাচান গাঁৱৰ কৃষক প্ৰবীণভাই যোধাভাই পেটেলৰ ২৩ বছৰীয়া পুত্ৰ মীট পেটেলে প্ৰায় দুমাহ পূৰ্বে অধ্যয়নৰ উদ্দেশ্যে ছাত্ৰ ভিছাত লণ্ডনলৈ গৈছিল । পেটেলে ১১ ছেপ্টেম্বৰত আহমেদাবাদ বিমানবন্দৰ পৰা লণ্ডনলৈ উৰা মাৰিছিল । ছাত্ৰজনে পৰিয়ালটোৰ সৈতে নিৰন্তৰ যোগাযোগত আছিল । কিন্তু যোৱা ১৭ নৱেম্বৰৰ পৰা মীটৰ ফোনটো বন্ধ হৈ আছিল। যাৰ বাবে পৰিয়ালটো চিন্তিত হৈ পৰিছিল।

যোৱা শুকুৰবাৰে শেষবাৰৰ বাবে মীট পেটেলে তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিছিল । ৫ দিন ধৰি পেটেলে পৰিয়ালৰ সৈতে যোগাযোগ নকৰাত পৰিয়ালটো চিন্তিত হৈ পৰিছিল । তাৰ পাছত হঠাতে পৰিয়ালটোৱে মীট পেটেলৰ মৃত্যুৰ খবৰ লাভ কৰে । খবৰ পোৱাৰ পাছতে পৰিয়ালটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

কৃষক পৰিয়ালৰ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ খবৰে সমগ্ৰ গাঁওখনতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। একে সময়তে গাঁওখনৰ চৰপঞ্চ আৰু ছাত্ৰজনৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত দাবী কৰিছে যে মীটক অপহৰণ কৰি হত্যা কৰা হৈছে ।

ইয়াৰ মাজতে ছাত্ৰজনে ঘৰলৈ প্ৰেৰণ কৰা ৩ টা অডিঅ' ৰেকৰ্ডিঙৰ তথ্য পোহৰলৈ আহিছে । অডিঅ' ৰেকৰ্ডিঙত ছাত্ৰজনে কৈছে যে তেওঁ কিছু সময়ৰ বাবে অসুবিধাত আছে । তেওঁক তাত অত্যাচাৰ কৰা হৈছে । এজন ব্যক্তিয়ে তেওঁক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰি আছে । এনে ধৰণৰ ভাবুকি বাঢ়ি গ'লে আত্মহত্যা কৰিব বুলি পৰিয়ালক অডিঅ' ৰেকৰ্ডিঙত কৈছিল ।

১৯ নৱেম্বৰ তেওঁৰ জীৱনৰ অন্তিম দিন হ'ব বুলিও ছাত্ৰজনে কৈছিল । তেওঁৰ বাবে পৰিয়ালটোৰ ১৫ লাখ টকা অপচয় হোৱাৰ বাবে পৰিয়ালক ক্ষমাও বিচাৰিছিল । ছাত্ৰজনে কৈছিল যে তেওঁ কেনেডিন বাৰ্ফিনত আছে আৰু তাতেই তেওঁ আত্মহত্যা কৰিব । ছাত্ৰজনে ভনীয়েকক ভাল পৰিয়ালত বিয়া দিবলৈ আহ্বান জনাই আৰু তেওঁক নিবিচাৰিবলৈও পৰিয়ালটোক আহ্বান জনায় ।

কিন্তু ছাত্ৰজনে অভিড' ৰেকৰ্ডিঙত দাবী কৰা মতে সেই লোকজন কোন আছিল ? তেওঁ ৰেগিঙৰ সন্মুখীন হৈছিল নেকি ? পৰিয়ালটোৰ সন্মুখত এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হৈছে । অৱশ্যে তদন্তৰ পাছত হে সকলো তথ্য পোহৰলৈ আহিব । কিন্তু এই মুহূৰ্তত তীব্ৰ সমস্যাত পৰিছে ছাত্ৰজনৰ পৰিয়ালটো । ছাত্ৰজনৰ মৃতদেহ স্বদেশলৈ অনাৰ বাবে প্ৰাৰ্থনা কৰিছে পৰিয়ালটোৱে । পৰিয়াল আৰু গাঁৱৰ চৰপঞ্চে স্থানীয় সাংসদৰ জৰিয়তে চৰকাৰলৈ বিশেষ আবেদন জনাইছে । আবেদন অনুসৰি চৰকাৰে ছাত্ৰজনৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত সহায় কৰিব লাগে ।

লগতে পঢ়ক :মাত্ৰ ৩৫০ টকাৰ বাবে এজন কিশোৰক হত্যা, হত্যাকাৰী কিশোৰক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details