নেশ্যনেল ডেস্ক, 29 মাৰ্চ: 2022-2023 চনত দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচসমূহত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ধন ৷ এই জব্দকৃত ধনৰ পৰিমাণ পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে ৷ গুজৰাটত সৰ্বাধিক 81.85 কোটি টকা জব্দ কৰা হৈছে ৷ বুধবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে (Chief Election Commissioner Rajiv Kumar) ৷
তথ্য অনুসৰি গুজৰাট, হিমাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাকে ধৰি পাঁচখন ৰাজ্যত মুঠ 1,028 কোটি টকা জব্দ কৰা হৈছিল ৷ পূৰ্বৰ নিৰ্বাচনতকৈ এই পৰিমাণ প্ৰায় 23 গুণ বেছি ৷ গুজৰাটৰ পাচতেই হিমাচল প্ৰদেশ মুঠ 57.24 কোটি টকা জব্দ কৰা হৈছে ৷ আনহাতে মেঘালয়ত 74.18 কোটি টকা, নাগালেণ্ডে 50.02 কোটি কোটি টকা আৰু ত্ৰিপুৰাত 45.44 কোটি টকা জব্দ কৰা হৈছে ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে পৰৱৰ্তী সময়তো এইদৰে অভিযান চলবালৈ অভিযানকাৰী দলসমূহ অধিক শক্তিশালী কৰি থকা বুলি সদৰী কৰিছে (Money seized during election) ৷
ধনৰ লগতে জব্দ কৰা হৈছে আন আন বৃহৎ সামগ্ৰীও ৷ জব্দকৃত সামগ্ৰীসমূহৰ ভিতৰত বিশেষকৈ আছে ড্ৰাগছ, সুৰা ইত্যাদি ৷ শান্তিপূৰ্ণভাৱে নিৰ্বাচনসমূহ অনুষ্ঠিত হোৱাত ব্যাঘাত জন্মাব পৰা যিকোনো সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰিবলৈ প্ৰৱৰ্তনকাৰী সংস্থাসূমহক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে নিৰ্বাচন আয়োগে ৷