নেশ্যনেল ডেস্ক,১ জানুৱাৰী :সুস্বাস্থ্য আৰু ঐক্যৰ অন্যতম নিদৰ্শন দাঙি ধৰিলে গুজৰাটে । সৰ্বাধিক লোকে সূৰ্য নমস্কাৰত অংশ লৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে গুজৰাটে ।
ইংৰাজী বৰ্ষৰ পহিলা দিনটোৰ পুৱা ১০৮ টা স্থান আৰু ৫১ টা বিভিন্ন শ্ৰেণীত ৪,০০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে সূৰ্য নমস্কাৰ যোগ ক্ৰম প্ৰদৰ্শন কৰে । ইয়াৰ জৰিয়তে ৰাজ্যখনে সুস্থতা আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি ৰাজ্যৰ প্ৰতিশ্ৰুতি সুদৃঢ় কৰে ।
ঐতিহাসিক মোধেৰা সূৰ্য মন্দিৰত অনুষ্ঠিত এই কাৰ্যসূচীত শিক্ষাৰ্থী, যোগৰ প্ৰতি আগ্ৰহী আৰু জ্যেষ্ঠ নাগৰিকৰ বিভিন্ন গোটে অংশগ্ৰহণ কৰা দেখা গৈছে । মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ মন্ত্ৰী হৰ্ষ সংঘৱীয়েও মোধেৰাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিষয়া স্বপ্নিল ডাংগাৰিকাৰে আনুষ্ঠানিকভাৱে অভিলেখৰ সফল প্ৰচেষ্টাৰ কথা ঘোষণা কৰাৰ লগে লগে আনন্দময় পৰিৱেশে বিৰাজ কৰে । গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিষয়া স্বপ্নিল ডাংগাৰিকাৰে কয় যে তেওঁ সূৰ্য নমস্কাৰ কৰা সৰ্বাধিক লোকৰ অভিলেখ পৰীক্ষণৰ বাবে তাত উপস্থিত হৈছে । তেওঁৰ মতে এয়া এক নতুন অভিলেখ কিয়নো পূৰ্বে কোনেও এই অভিলেখ ভংগ কৰা চেষ্টা চলোৱা নাছিল ।
গুজৰাটৰ গৃহ মন্ত্ৰী সংঘৱীয়ে ৰাজ্যখনৰ এই বিশেষ সফলতাৰ মুহূৰ্তত আনন্দ প্ৰকাশ কৰি কয় যে গুজৰাটে দেশ আৰু বিশ্বৰ প্ৰথমটো বিশ্ব অভিলেখ পঞ্জীয়ন কৰিছে । য'ত হাজাৰ হাজাৰ লোকে একেলগে ১০৮ টা স্থানত আৰু ৫১ টা বিভিন্ন স্থানত যোগাভ্যাস কৰিছে । তেওঁ লগতে যোগৰ বিশ্বব্যাপী আকৰ্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ বিশ্বতে যোগাভ্যাস কৰা হৈছে ।
লগতে পঢ়ক :নৱবৰ্ষত ইছৰোৰ নতুন সূচনা; প্ৰথমটো এক্স-ৰে মহাকাশ পৰ্যবেক্ষণালয় মুকলি