নেশ্যনেল ডেস্ক, 7 জুলাই : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংসদ পদ পুনৰ লাভ কৰাক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱশেষত অন্ত পৰিল ৷ ‘মোডী উপাধি’ সংক্ৰান্তীয় মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদনক খাৰিজ কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ৷ গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচ্চাকে কৰে এই ৰায়দান । ইয়াৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তথা সাংসদ পদ লাভৰ সম্ভাৱনাও ম্লান পৰিল কংগ্ৰেছ নেতাগৰাকীৰ ।
উল্লেখ্য যে, মে’ মাহত ন্যায়াধীশ প্ৰচ্চাকে গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰিছিল আৰু ইতিমধ্যে সমাপ্ত হোৱা গ্ৰীষ্মকালীন ছুটীৰ পিছত চূড়ান্ত আদেশ জাৰি কৰা হ’ব বুলি উল্লেখ কৰিছিল । আবেদনখনত ৰাহুল গান্ধীৰ বিৰুদ্ধে জাৰি কৰা শাস্তি স্থগিত ৰখাৰ দাবী উত্থাপন কৰা হৈছে । ইফালে, যোৱা 4 জুলাইত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ‘মোডী উপাধি’ মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । এই সন্দৰ্ভত পৰৱৰ্তী শুনানি 16 আগষ্টত হ’ব বুলি জানিবলৈ পৰা গৈছে ।