অসম

assam

ETV Bharat / bharat

Modi surname case: গুজৰাট উচ্চ ন্যায়ালয়ত পুনৰ 2 মে’ত হ’ব ৰাহুল গান্ধীৰ আবেদনৰ শুনানি - ৱায়ানাদৰ লোকসভা সমষ্টিৰ সাংসদ

গুজৰাট উচ্চ ন্যায়ালয়ত অহা 2 মে'ত হ'ব ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি ৷ সাংসদগৰাকীৰ অধিবক্তাৰ অনুৰোধৰ প্ৰতি গুৰুত্ব দি আদালতে শুনানি 2 মে'লৈ স্থগিত ৰাখে (Rahul Gandhi defamation case update )।

Modi surname issue
পুনৰ অপেক্ষা 2 মে’লৈ

By

Published : Apr 30, 2023, 7:13 AM IST

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল :2019 চনৰ 'মোডী উপাধি' মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি পুনৰ 2 মে'ত হ'ব গুজৰাট উচ্চ ন্যায়ালয়ত । ৰাহুল গান্ধীৰ গোচৰৰ মোকদৰ্মা চলোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে শনিবাৰে গুজৰাট উচ্চ ন্যায়ালয়ত দীঘলীয়া যুক্তি আগবঢ়োৱাৰ পিচতে এই কথা প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে । ৰাহুল গান্ধীৰ অধিবক্তাই ৰেকৰ্ডত কিছুমান নথি দাখিল কৰিবলৈ সময় বিচাৰিছিল, তাৰ পিচত আদালতে অনুমতি দিছিল আৰু শুনানি 2 মে'লৈ স্থগিত ৰাখে (Rahul Gandhi plea at Gujarat HC) ।

ইয়াৰ পূৰ্বে 25 এপ্ৰিলত ৰাহুল গান্ধীয়ে দণ্ডাধীশ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়াইছিল যিয়ে ‘মোডী উপাধি’ৰ মন্তব্যক লৈ 2019 চনৰ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচৰা তেওঁৰ আবেদন নাকচ কৰিছিল । 2019 চনৰ অপৰাধমূলক মানহানি গোচৰত ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচৰা ৰাহুল গান্ধীৰ আবেদন নাকচ কৰে চুৰাটৰ এখন আদালতে । নিজৰ ৰায়দানত অতিৰিক্ত দণ্ডাধীশ ন্যায়াধীশ ৰবিন পি মোগেৰাই সাংসদ গান্ধীক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে দেশৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দলৰ নেতা হিচাবে বক্তব্য আগবঢ়াওতে সাৱধানতা অৱলম্বন কৰিব লাগিছিল বুলি উল্লেখ কৰে (Rahul Gandhi defamation case) ।

তেওঁ বিচাৰ আদালতৰ প্ৰাইমা ফেচি প্ৰমাণ আৰু নিৰীক্ষণৰ উদ্ধৃতি দি গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চোৰ উপাধিৰ লোকৰ সৈতে তুলনা কৰাৰ বাহিৰেও আন কিছুমান অপমানজনক মন্তব্য কৰা বুলিও স্পষ্ট হৈ পৰে বুলি উল্লেখ কৰে । মোগেৰাই কয় যে গোচৰটো দাখিল ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীও মোডী উপাধিধাৰী ৷ গান্ধীৰ এনে মানহানিকাৰক মন্তব্যই ৰাজহুৱা জীৱনৰ সৈতে জড়িত লোকজনৰ নিশ্চিতভাৱে খ্যাতি-সুনামৰ ক্ষতি কৰিলেহেঁতেন বুলি উল্লেখ কৰি এই কাণ্ডই তেওঁৰ জীৱন যন্ত্ৰণাদায়ক কৰি তুলিলেহেঁতেন বুলি উল্লেখ কৰে (Modi surname issue) ।

মোগেৰাই লগতে সাংসদ হিচাবে অপসাৰণ হোৱা বা অযোগ্যতাক গান্ধীৰ অপূৰণীয় লোকচান বা ক্ষতি বুলি অভিহিত কৰিব নোৱাৰি বুলি উল্লেখ কৰে । ইয়াৰ পূৰ্বে 3 এপ্ৰিলত দণ্ডাধীশ আদালতে কংগ্ৰেছ নেতাগৰাকীক জামিন প্ৰদান কৰিছিল । প্ৰাক্তন সাংসদজনক জামিন প্ৰদান কৰাৰ সময়ত আদালতে পূৰ্ণেশ মোডী আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল । দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰি তাৰ পিচত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছিল 20 এপ্ৰিলৰ দিনা ।

উল্লেখ্য যে, ৰাহুল গান্ধী আছিল ৱায়ানাদৰ লোকসভা সমষ্টিৰ সাংসদ ৷ কিন্তু পূৰ্ণেশ মোডীয়ে দাখিল কৰা গোচৰত ভাৰতীয় দণ্ডবিধিৰ অধীনত 499 আৰু 500 মানহানি ধাৰাত 23 মাৰ্চত চুৰাটৰ নিম্ন আদালতে গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহাৰ পিচতে তেওঁৰ সাংসদ পদ খাৰিজ কৰা হয় । ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এক প্ৰচাৰ অনুষ্ঠানত ভাষণ দি থকাৰ সময়ত ৰাহুল গান্ধীয়ে 'মোডী’ উপাধি ব্যৱহাৰ কৰি প্ৰদান কৰিছিল এক মন্তব্য (Rahul Gandhi latest news) ।

কৰ্ণাটকত কুলাৰত অনুষ্ঠিত হোৱা এক ৰাজনৈতিক সমাৱেশত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি সকলো চোৰৰ উপাধি মোডী কেনেকৈ বুলি উল্লেখ কৰিছিল ৷ দোষী সাব্যস্ত হোৱাৰ পিচত 2013 চনত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা এক আইন অনুসৰি 24 মাৰ্চত ৰাহুলক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হয় ।

লগতে পঢ়ক :Rahul defamation case : গুজৰাট উচ্চ ন্যায়ালয়ত আজি ৰাহুল গান্ধীৰ আবেদনক লৈ শুনানি

ABOUT THE AUTHOR

...view details