অসম

assam

ETV Bharat / bharat

Bharat Jodo Yatra 2: গুজৰাটত পুনৰ ভাৰত জোড়ো যাত্ৰা; ৰাহুল গান্ধীক আমন্ত্ৰণ - ভাৰত জোড়ো যাত্ৰা

পুনৰ চৰ্চাত কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলন 2 ৷ এইবাৰ গুজৰাটৰ পৰা আৰম্ভণি হ’ব ভাৰত জোড়ো আন্দোলনৰ দ্বিতীয়টো পৰ্যায় ৷

GUJARAT CONGRESS IS READY FOR BHARAT JODO YATRA 2 RAHUL GANDHI
গুজৰাটত পুনৰ ভাৰত জোড়ো যাত্ৰা

By

Published : Aug 13, 2023, 7:02 PM IST

নেশ্যনেল ডেস্ক, 13 আগষ্ট :এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্গত কংগ্ৰেছৰ ৰণডংকা ৷ ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ পিচত এইবাৰ পুনৰ ভাৰত জোড়ো যাত্ৰাৰ পৰিকল্পনা কৰিছে গুজৰাট কংগ্ৰেছে ৷ দেওবাৰে গুজৰাট কংগ্ৰেছে ৰাহুল গান্ধীক, মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলৰ ভূমিত ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয়টো পৰ্যায় উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লৈছে ৷

প্ৰথম পৰ্যায়ৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি, দেশৰ ইমূৰৰ পৰা সিমূৰলৈ এই যাত্ৰাই পুনৰ ৰাজনৈতিক ভেটি গঢ়ি তুলিব বুলি আশাবাদী কংগ্ৰেছৰ কৰ্মকৰ্তাসকল ৷ ৰাজ্যখনত ভাৰত জোড়ো যাত্ৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুজৰাট বিধানসভাৰ বিৰোধী দলপতি অমিত চাৱদাই কয়, "আমি ৰাহুল গান্ধীক গুজৰাটৰ পৰা ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছো, এই স্থান হৈছে মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলৰ ভূমি ৷"

গুজৰাট নিৰ্বাচন 2022 ৰ সময়ত, ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ সময়ত বহুলোকে স্থানীয় কংগ্ৰেছৰ নেতাসকলক এই যাত্ৰা ৰাজ্যখনৰ মাজেৰে হ'ব নে নহয় বুলি প্ৰশ্ন সুধিছিল ৷ এতিয়া গুজৰাট কংগ্ৰেছে জনসাধাৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত ৷ সম্প্ৰতি ৰাজ্যখনৰ জনজাতীয় এলেকাত কংগ্ৰেছৰ স্থিতি শক্তিশালী বুলি মত প্ৰকাশ কৰে চাৱদাই ৷

অৱশ্যে, 2022 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত এই অঞ্চলসমূহত আপৰ ভূমিকাৰ বাবে কংগ্ৰেছ দল কিছু পিচ পৰি ৰৈছিল ৷ এতিয়া, ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত, কংগ্ৰেছে ইয়াৰ পুনৰ নিজ স্থিতি দৃঢ় কৰিবলৈ চেষ্টা কৰিছে ৷ কংগ্ৰেছৰ বাবে, ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায়টো কেৱল এক ৰাজনৈতিক পদযাত্ৰাই নহয় ইয়াৰ উদ্দেশ্য তাতকৈও অধিক ৷ এই প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে দেশৰ কল্যাণ আৰু দেশৰ ভেটিক প্ৰত্যাহ্বান জনোৱা মতাদৰ্শৰ বিৰুদ্ধে থিয় দিয়া ৷

ইতিমধ্যে অন্যান্য ৰাজ্যিক গোটবোৰে ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয়টো পৰ্যায়ক এক সামূহিক প্ৰচেষ্টাৰ ইংগিত দি বিভিন্ন পৰামৰ্শ আগবঢ়াইছে ৷ এই যাত্ৰাৰ ভেটি ইতিমধ্যে আৰম্ভ হৈছে ৷ ভাৰত জোড়ো যাত্ৰাৰ প্ৰথম পৰ্যায়টো 2022 চনৰ 7 ছেপ্তেম্বৰৰ পৰা 130 দিনীয়া কাৰ্যসূচীৰে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ হৈছিল ৷এই যাত্ৰাত 12 খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছিল ৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ সফলতাই বিজেপিক অস্থিৰ কৰি তুলিছে ৷ বিৰোধী দলৰ নেতা অমিত চাৱদাই এই কথা সদৰী কৰে ৷

লগতে চাৱদাই কয় যে, ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰস্তুতি চলি আছে, যাৰ আৰম্ভণি কেন্দ্ৰ হৈছে গুজৰাট৷ ই ৰাজ্যখনত এক প্ৰত্যাশাৰ পৰিৱেশ সৃষ্টি কৰিছে৷এতিয়া সমগ্ৰ দেশৰ দৃষ্টি নিৱদ্ধ হৈছে এই ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয়টো পৰ্যআয়ত ৷ ই ভাৰতীয় ৰাজনীতিৰ আন এটা গুৰুত্বপূৰ্ণ অধ্যায় সংযোগ কৰিব, য'ত গুজৰাটে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷

লগতে পঢ়ক:PM Modi changed DP : প্ৰধানমন্ত্ৰীয়ে সলনি কৰিলে সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ প্ৰ'ফাইল ফটো

ABOUT THE AUTHOR

...view details