নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী :গুজৰাটৰ বদোদৰাৰ হাৰ্ণি হ্ৰদত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পাচতে সষ্টম হৈছে প্ৰশাসন । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল নাও দুৰ্ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো ঘোষণা কৰিছে । পেটেলে ব্যক্তিগতভাৱে সাহায্য আৰু উদ্ধাৰ অভিযানত তদাৰক কৰিছে ।
উল্লেখ্য যে. বৃহস্পতিবাৰে বদোদৰা চহৰৰ হাৰ্ণি হ্ৰদত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনাটো । ৱাঘোডিয়াৰ নিউ চানৰাইজ স্কুলৰ শিক্ষাৰ্থীসকলে হাৰ্ণি হ্ৰদত বনভোজ খাবলৈ গৈছিল আৰু তেওঁলোক যোৱা নাওখন দুৰ্ঘটনাত পতিত হৈছিল । এই দুৰ্ঘটনাত ১২ গৰাকী শিক্ষাৰ্থী আৰু ২ গৰাকী শিক্ষককে ধৰি মুঠ ১৪ গৰাকী লোকৰ মৃত্যু হয় ।
দুৰ্ঘটনাটোৰ পাচতে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ব্যক্তিগতভাৱে সাহায্য আৰু উদ্ধাৰ অভিযানৰো তদাৰক কৰিছে আৰু চিকিৎসালয় পৰিদৰ্শন কৰি মৃত শিক্ষাৰ্থী আৰু ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।
ইফালে, মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে । আইপিচিৰ ৩০৪, ৩০৮ আৰু ৩৩৭ ধাৰাৰ অধীনত ৫ জন অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে অপৰাধ শাখাই দুজন লোকক আটক কৰিছে ।