নেশ্যনেল ডেস্ক, 11 ছেপ্টেম্বৰ :কোনো নিৰ্দিষ্ট কাৰণ প্ৰকাশ নকৰাকৈয়ে শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী(Gujarat Chief Minister Vijay Rupani)য়ে পদত্যাগ কৰে ৷ শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতৰ ওচৰত পদত্যাগ পত্ৰ প্ৰদান কৰে ৷ ৰাজ্যপালক লগ কৰিবলৈ যোৱাৰ সময়ত ৰুপানীৰ সৈতে উপ-মুখ্যমন্ত্ৰী নিতীন পেটেল(Deputy Chief Minister Nitin Patel) আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকল উপস্থিত থাকে ৷
বিজেপিৰ সংগঠনিক সম্পাদক ৰত্নাকৰ(BJP organisation secretary Ratnakar) আৰু বিজেপিৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া ভূপেন্দ্ৰ যাদৱ(BJP state incharge Bhupendra Yadav)কো তেওঁলোকৰ সৈতে দেখা গৈছিল ৷ সংবাদমাধ্যমৰ সন্মুখত নিজৰ পদত্যাগৰ কথা ৰুপানীয়ে ঘোষণা কৰে যদিও কি কাৰণে তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই কথা জনোৱাৰ পৰা বিৰত থাকে ৷
উল্লেখ্য যে, 2017 চনৰ ডিচেম্বৰত ৰুপানীয়ে মুখ্যমন্ত্ৰী হিছাপে শপতগ্ৰহণ কৰিছিল ৷ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক সাক্ষাৎ কৰি ৰূপানীয়ে এইবুলি কয়, "মই গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছো" ৷