অসম

assam

ETV Bharat / bharat

ATS busts active cell of Al Qaeda : গুজৰাটত অল কায়দাৰ লগত জড়িত 4 বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ - ATS busts active cell of Al Qaeda

গুজৰাটৰ আহমেদাবাদৰ পৰা অল কায়দাৰ লগত জড়িত 4 বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰৰ পিচতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ ভাৰতত কেনেদৰে অল কায়দাৰ প্ৰতি আকৰ্ষিত কৰা হয় যুৱচামক (Al Qaeda activity in India)? পঢ়ক এই প্ৰতিবেদন

Gujarat ATS busts active cell of Al Qaeda
গুজৰাটত অল কায়দাৰ লগত জড়িত 4 বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ

By

Published : May 22, 2023, 11:01 PM IST

নিউজ ডেস্ক, 22 মে’ : সোমবাৰে গুজৰাট এ টি এছৰ এটা দলে ৰাজধানী চহৰ আহমেদাবাদৰ পৰা 4 বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (ATS busts active cell of Al Qaeda) ৷ এই গোপন তথ্যৰ ভিত্তিত, এটিএছৰ দলটোৱে ওধাৱ আৰু নাৰোল অঞ্চলৰ পৰা মহম্মদ চোজিব মিয়া আহমেদ আলী, আকাশ খান, মুন্না খান আৰু আব্দুল লতিফ নামৰ 4 অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ভুৱা পৰিচয় পত্ৰৰে আহমেদাবদত বাস কৰি আছিল 4 অভিযুক্তই (Illegal Bangladeshi immigrants arrested )৷

আৰক্ষী সুত্ৰই জনোৱা অনুসৰি চাৰি অভিযুক্ত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন অল কায়েদাৰ সৈতে জড়িত আছিল (Al Qaeda activity in India)৷ চাৰি যুৱকে মুছলমান যুৱকসকলক অল কায়দাত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল ৷ এ টি এছে অল কায়দাৰ বিস্তাৰৰ বাবে পুঁজি সংগ্ৰহ কৰি এই ধন সন্ত্ৰাসবাদী গোটটোৰ মুৰব্বীলৈ প্ৰেৰণ কৰাৰ তথ্যৰ ওপৰত ভিত্তি কৰি এই তদন্ত চলাইছিল ৷ আৰক্ষীয়ে অভিযুক্ত মহম্মদ চোজিব মিয়া আহমেদ আলীক সোধা-পোছা কৰাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য (ATS busts active cell of Al Qaeda) ৷

অল কায়দাৰ সংস্পৰ্শলৈ কেনেকৈ আহিলঃবাংলাদেশৰ মাইমেনসিং জিলাৰ খুদ্ৰো গাঁৱৰ বাসিন্দা মহম্মদ চোজিব মিয়া আহমেদ আলীয়ে আহমেদাবাদৰ ৰাখিয়ালৰ সুখৰাম ইষ্টেটত কাম কৰিছিল ৷ বাংলাদেশত থাকোঁতেই চোজিবমিয়া অল কায়দাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল আৰু অল কায়দাৰ সদস্য হিচাপে যোগদান কৰিছিল ৷ মহম্মদ চোজিব মিয়াই বাংলাদেশী লিংকমেন শ্বৰিফুল ইছলামৰ সৈতে যোগাযোগত আছিল ৷ শ্বৰিফুলে চোজিবক অল কায়দাত যোগদান কৰাত সহায় কৰিছিল ৷

যুৱচামক উগ্ৰপন্থীলৈ ৰূপান্তৰিত কৰা কামঃ শ্বৰিফুল ইছলামে চোজিবক বাংলাদেশৰ মাইমেনসিং জিলাৰ মুৰব্বী ছাইবা নামৰ এজন ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিছিল, তেওঁ হৈছে অল-কায়দা সংগঠনৰ এজন সদস্য ৷ চোজিবক ছাইবা নামৰ ব্যক্তিজনে তেওঁলোকৰ দৰে আন যুৱকসকলক অল কায়দা সংগঠনৰ সদস্য বনাবলৈ আৰু সংগঠনটোৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ দায়িত্ব প্ৰেৰণ কৰিছিল ৷ চোজিবক এনক্ৰিপ্ট কৰা ছেট এপ্লিকেশ্যন, টিঅ'আৰ আৰু ভিপিএন ব্যৱহাৰৰ ওপৰতো প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল ৷

পুঁজি সংগ্ৰহৰ কাৰ্যঃ নতুন সদস্যভৰ্তি হোৱা সদস্যসকলে গুজৰাটৰ লগতে আন ৰাজ্যৰ বহুলোকৰ সংস্পৰ্শলৈ আহিছিল আৰু তেওঁলোকক অল কায়দাৰ আদৰ্শৰে মৌলবাদীলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছিল ৷ আটকাধীন তিনিও অভিযুক্তই ইতিমধ্যে কেইবাজনো ব্যক্তিৰ পৰা ধন সংগ্ৰহ কৰিছিল, তাৰ পিচত আকাশ খানৰ জৰিয়তে অল কায়দাৰ কাৰ্যকলাপ চলাবলৈ দায়িত্ব দিয়া হৈছিল ৷ ছাইবাই এই মডিউলৰ সকলো সদস্যক জিহাদ, কিতাল (বধ), আছলিয়া (অস্ত্ৰ সঁজুলি), হিজৰাত (যাত্ৰা), ধন আৰু সময়ত্যাগ, শ্বহীদ আদিৰ বিষয়ে গভীৰভাৱে ব্যাখ্যা কৰিছিল৷ চাৰি অভিযুক্তক অন্য লোকসকলক উৎসাহিত কৰি পুঁজি সংগ্ৰহ কৰা আৰু এই আদৰ্শৰ বাবে আকৰ্ষিত কৰি সন্ত্ৰাসবাদী গোটত যোগদান কৰাৰ দায়িত্ব দিছিল ৷

ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীঃ মহম্মদ চোজিবক সোধা-পোছাৰ পৰা গম পোৱা গৈছিল যে তেওঁৰ লগতে তেওঁৰ সহযোগী মুন্না খালিদ আনছাৰী ওৰফে মুন্না খান আৰু আজহাৰুল ইছলাম কাফিলুদ্দিন আনছাৰী ওৰফে জাহাংগীৰ ওৰফে আকাশ খানো অল কায়দাৰ সৈতে জড়িত আছিল আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ৷ ভুৱা নথি-পত্ৰৰে চাৰিও অভিযুক্তই ভাৰতত বাস কৰিছিল ৷ অল কায়দাৰ বাবে পুঁজি সংগ্ৰহ আৰু অল কায়দাৰ আদৰ্শ বিয়পাবলৈ কাম কৰি আছিল চাৰিও অভিযুক্তই ৷

সাম্প্ৰদায়িকতাৰ পাঠঃ এই দলটোৰ আন এজন সদস্য আব্দুল লতিফ ওৰফে মমিনুল আনছাৰী শেহতীয়াকৈ বাংলাদেশৰ পৰা অবৈধভাৱে আহমেদাবাদত প্ৰৱেশ কৰিছিল ৷ গুজৰাট এটিএছ দলে অভিযুক্তৰ ঘৰৰ পৰা এটা ভুৱা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বিচাৰি জব্দ কৰিছে ৷ ইয়াৰ উপৰিও নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ মিডিয়া শাখা ইউ এছ চাহাব মিডিয়াৰ দ্বাৰা প্ৰকাশিত সাম্প্ৰদায়িক বহুতো তথ্যও জব্দ কৰা হৈছে ৷

সম্প্ৰতি গুজৰাট এটিএছ দলে গ্ৰেপ্তাৰ কৰা মহম্মদ চোজিব মিয়া, মুন্না খালিদ আনছাৰী ওৰফে মোজিদ ওৰফে মুন্না খান, আজহাৰুল ইছলাম কাফিলুদ্দিন আনছাৰী ওৰফে জাহাংগীৰ ওৰফে আকাশ খান আৰু আব্দুল লতিফ ওৰফে মমিনুল আনছাৰীৰ বিৰুদ্ধে ইউ এ পি এ আৰু আই পি চিৰ ৩৮, ৩৮, ৪০ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:The Kerala Story impact: মুছলমান যুৱকৰ সৈতে বিবাহ বাতিল বিজেপি নেতাৰ কন্যাৰ

ABOUT THE AUTHOR

...view details