অসম

assam

ETV Bharat / bharat

কলকাতা বন্দৰত 200 কোটি টকাৰ হেৰ’ইন জব্দ - Anti terrorist squad

গুজৰাট এটিএছ আৰু ডিআৰআইয়ে কলকাতা বন্দৰৰ পৰা 200 কোটি টকাৰ 40 কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে (40 kg heroin seized in Kolkata port)৷

40 kg heroin seized in Kolkata port
40 kg heroin seized in Kolkata port

By

Published : Sep 9, 2022, 4:35 PM IST

Updated : Sep 9, 2022, 8:07 PM IST

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ:গুজৰাটত জব্দ হৈছে বৃহৎ পৰিমানৰ হেৰ’ইন ৷ শুকুৰবাৰে দুপৰীয়া গুজৰাটৰ সন্ত্ৰাসবাদী বিৰোধী দল (এটিএছ)(Anti terrorist squad) আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (ডিআৰআই) (Directorate of revenue intelligence) এক যুটীয়া অভিযানত পশ্চিম বংগৰ কলকাতা বন্দৰৰ পৰা ২০০ কোটি টকাৰ হেৰ’ইন জব্দ কৰিছে ৷ কলকাতা বন্দৰলৈ 40 কিলোগ্ৰাম ড্ৰাগছ স্ক্ৰেপ কণ্টেইনাৰত নি থকা অৱস্থাত অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় (40 kg heroin seized in Kolkata port) ৷

জানিব পৰামতে ফেব্ৰুৱাৰীত আৰৱৰ ডুবাইৰ পৰা অনা হৈছিল হেৰ’ইনখিনি ৷ এই অভিযানত আৰক্ষীয়ে 72 পেকেট ড্ৰাগছ জব্দ কৰে ৷ যুটীয়া দলটোৱে 7,220 কিলোগ্ৰাম ওজনৰ লোৰে পৰিপূৰ্ণ কণ্টেইনাৰৰ ভিতৰত 36 টা গীয়েৰ বক্সত বগা চিয়াহীৰে লিখি থোৱা নট বল্টু থকা বাকচত এই 72 পেকেট হেৰ’ইন জব্দ কৰে ৷

গুজৰাটৰ আৰক্ষী সঞ্চালক প্ৰধান আশিস ভাটিয়াই জনোৱা অনুসৰি এতিয়াও গীয়েৰ বক্সসমূহ খোলাত ব্যস্ত হৈ আছে আৰক্ষী ৷ অনাগত সময়ত উদ্ধাৰ হোৱা হেৰ’ইনৰ পৰিমান বৃদ্ধি হোৱাৰো আশংকা আছে ৷

লগতে পঢ়ক:পুঠিমাৰীৰ পৰা উৎখাত জুৱাৰ ঘাটি, আটক 8

Last Updated : Sep 9, 2022, 8:07 PM IST

ABOUT THE AUTHOR

...view details