নিউজ ডেস্ক, 1 ডিচেম্বৰ : গুজৰাটৰ 89 টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ চুৰাট-কচ্চ আৰু দক্ষিণ গুজৰাটৰ 19 খন জিলাক সামৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে (Gujarat assembly polls) ৷ মুঠ 182 টা সমষ্টিৰ প্ৰথম পৰ্যায়ত 89 টা আৰু দ্বিতীয় পৰ্যায়ত 93 সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’ব 788 গৰাকী প্ৰাৰ্থীৰ । পুৱা 8 বজাত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে ।
নিৰ্বাচনী অনিয়ম ৰোধৰ বাবে লাইভ ৱেবকাষ্টিঙৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ত্ৰিকোণীয় আৰু বহুপক্ষীয় প্ৰতিদ্বন্দ্বিতাত আবদ্ধ হৈ আছে শাসকীয় বিজেপি, বিৰোধী কংগ্ৰেছ, আপ, বিএছপি, এআইএমআইএম আদি দল । ইতিমধ্যে ৰাজকোটত ভোটদান কৰিলে বিজেপিৰ প্ৰাৰ্থী তথা ক্ৰিকেটাৰ ৰৱীন্দ্ৰ জাডেজাৰ পত্নী ৰিভাবা জাডেজাই । জামনগৰ উত্তৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰিভাবাই । গুজৰাটৰ কেবিনেট মন্ত্ৰী পূৰ্ণেশ মোডীক পৰিয়ালৰ সৈতে ভোটদানৰ বাবে চুৰাটৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱা দেখা গৈছে ।
মুঠ 14,382 টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলি আছে ৷ ইয়াৰে 3311টা কেন্দ্ৰ চহৰত আৰু 11,071 টা গ্ৰাম্যাঞ্চলত । এই প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ 13,065 টা ভোটকেন্দ্ৰৰ পৰা লাইভ ৱেবকাষ্টিং কৰা হৈছে বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জানিবলৈ দিয়ে ।
27 বছৰে গুজৰাটত শাসন চলাই অহা ভাৰতীয় জনতা পাৰ্টিয়ে একেৰাহে সপ্তমবাৰৰ বাবে ৰাজ্যখনত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা চলাইছে । যদি সফল হয় তেন্তে 2011 চনলৈকে একেৰাহে 7 টা কাৰ্যকালৰ বাবে পশ্চিম বংগৰ নিৰ্বাচনত জয়ী হোৱা বাওঁ মৰ্চাৰ চৰকাৰৰ অভিলেখৰ সমান হ’ব (gujarat assembly election 2022 election update )।
এইবাৰ বিজেপিয়ে কেৱল পৰম্পৰাগত প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ পৰাই যে প্ৰত্যাহ্বান পাব তেনে নহয় ৷ শাসকীয় দলৰ মূল প্ৰত্যাহ্বানকাৰী হিচাপে নিজকে স্থান দিবলৈ চেষ্টা কৰা তথা গুজৰাট নিৰ্বাচনত প্ৰথমবাৰ ৰণক্ষেত্ৰত নামা আম আদমী পাৰ্টিও বিজেপিৰ বাবে প্ৰত্যাহ্বান হ’ব ৷ 89 খন আসনত বিজেপি আৰু কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে ।
অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ দলে 88 খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । চুৰাট পূব সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ ফলত দলটোৱে প্ৰথম পৰ্যায়ত এখন আসনত কমকৈ প্ৰতিদ্বন্দিতা কৰে । বিজেপি, কংগ্ৰেছ আৰু আপৰ উপৰিও বহুজন সমাজ পাৰ্টি (বিএছপি), সমাজবাদী পাৰ্টি (এছপি), ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী (চিপিআই-এম) আৰু ভাৰতীয় জনজাতি পাৰ্টি (বিটিপি)কে ধৰি আন 36 টা ৰাজনৈতিক দলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৷
বিএছপিয়ে 57 গৰাকী, বিটিপিয়ে 14 গৰাকী আৰু চিপিআই-এমে 4 গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । প্ৰথম পৰ্যায়ত 339 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও যুঁজত নামিছে । 2017 চনৰ নিৰ্বাচনত এই 89 খন আসনৰ ভিতৰত বিজেপিয়ে 48 খন, কংগ্ৰেছে 40 খন আৰু এখন আসনত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল । এই নিৰ্বাচনত অংশগ্ৰহণ কৰা মুঠ 788 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 70 গৰাকী মহিলা ৷ ইয়াৰ ভিতৰত বিজেপিৰ 9 গৰাকী, কংগ্ৰেছৰ 6 গৰাকী, আপৰ 5 গৰাকী মহিলা প্ৰাৰ্থী ।
গুজৰাটৰ মুঠ 4,91,35,400 পঞ্জীয়নভুক্ত ভোটাৰৰ ভিতৰত 2,39,76,670 জনেই প্ৰথম পৰ্যায়ত ভোটদানৰ যোগ্য । ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, 18-19 বছৰ বয়সৰ 5.74 লাখ ভোটাৰ আৰু 99 বছৰৰ ওপৰৰ 4,945 গৰাকী ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে ।