নেশ্যনেল ডেস্ক,২ এপ্ৰিল:গুজৰাট বিধানসভাত বৃহস্পতিবাৰে লাভ জেহাদকলৈ এক বিশেষ বিধেয়ক গৃহীত কৰা হয় । বাজেট অধিৱেশনৰ সমাপ্তিৰ দিনটোত 'ধৰ্ম স্বতন্ত্ৰতা' (ধৰ্মৰ স্বাধীনতা) আইন, ২০০৩ সংশোধনৰ বাবে এই বিধেয়ক গৃহীত কৰা হয় যাৰ লক্ষ্য হৈছে 'লাভ জেহাদ' বুলি অধিক পৰিচিত বলপূৰ্বক ধৰ্মীয় ৰূপান্তৰকৰণক বাধা দিয়া ।
বিয়াৰ জৰিয়তে উন্নত জীৱন ধাৰা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া , ঐশ্বৰিক আশীৰ্বাদ আৰু বিয়াৰ প্ৰলোভন দি ধৰ্মান্তকৰণ আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা আৰু শাস্তি প্ৰদান কৰাৰ লক্ষ্যৰে এই আইন সংশোধনীৰ প্ৰস্তাৱ ৰাখিছে বিজেপিয়ে । বিধেয়কখন বিধানসভাৰ মজিয়াত বিধান পৰিক্ৰমা মন্ত্ৰী প্ৰদীপসিং জাদেজাই উত্থাপন কৰে ।
গুজৰাট ধৰ্ম স্বাধীনতা আইন, ২০০৩ ত প্ৰলোভন, বল বা ভুল তথ্যৰ জৰিয়তে বা আন যিকোনো প্ৰৱঞ্চনাৰ দ্বাৰা ধৰ্মীয় ৰূপান্তৰৰ প্ৰত্যাহ্বান জনাবলৈ বিচাৰিছিল। অৱশ্যে, ৰাজ্য চৰকাৰে অনুভৱ কৰিছিল যে এক উন্নত জীৱনধাৰাৰ প্ৰতিশ্ৰুতি, ঐশ্বৰিক আশীৰ্বাদৰ প্ৰতিশ্ৰুতি আৰু ছদ্মবেশৰ জৰিয়তে ধৰ্মীয় ৰূপান্তৰৰ বিষয় ইয়াত সন্নিৱিষ্ট হৈ আছে ।
বিজেপিৰ মতে একাংশ মহিলাক বিয়াৰ প্ৰলোভন দি ধৰ্ম সলনি কৰা হয় সেয়ে তেওঁলোকে এই আইন সংশোধনীৰ প্ৰস্তাৱ আনিছে বুলি উল্লেখ কৰে ।
বিধেয়কৰ নীতি অনুসৰি যিজনে বিবাহৰ দ্বাৰা এনে ধৰ্ম সলনি কৰা বা এজন ব্যক্তিক বিয়া কৰোৱা বা এজন ব্যক্তিক বিয়া কৰিবলৈ সহায় কৰা বুলি পোৱা যাব তেওঁক তিনি বছৰৰ অধিক পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি দিয়া হ'ব আৰু সেই ব্যক্তি ২ লাখ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈও দায়বদ্ধ হ'ব ।