অসম

assam

ETV Bharat / bharat

পুৰী ভ্ৰমণ কৰা 12খন ৰাজ্যৰ পৰ্যটকলৈ নিৰ্দেশনা ওড়িশা চৰকাৰৰ - কেৰালা

মহামাৰী ক’ভিড 19ৰ প্ৰকোপ কিছু হ্ৰাস কৰিবলৈ পুৰীলৈ অহা 12খন ৰাজ্যৰ তীৰ্থযাত্ৰী পৰ্যটক সকলে আগমণৰ সময়ত আৰ টি পি চি আৰ(RT-PCR)ৰ সকলো প্ৰতিবেদন প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে ৷

পুৰী ভ্ৰমণ কৰা 12খন ৰাজ্যৰ পৰ্যটকলৈ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ
পুৰী ভ্ৰমণ কৰা 12খন ৰাজ্যৰ পৰ্যটকলৈ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ

By

Published : Apr 6, 2021, 5:50 PM IST

নেশ্যনেল ডেস্ক, 6এপ্ৰিল: দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী ক’ভিড 19ৰ সন্ত্ৰাস ৷ মহামাৰী ক’ভিড 19ৰ প্ৰকোপ কিছু হ্ৰাস কৰিবলৈ পুৰীলৈ অহা 12খন ৰাজ্যৰ তীৰ্থযাত্ৰী পৰ্যটক সকলে আগমণৰ সময়ত আৰটি-পিচি আৰ(RT-PCR) সকলো প্ৰতিবেদন প্ৰদৰ্শন কৰাটো বাধ্যতামূলক হ’ব ৷

উল্লেখ্য যে, দৰ্শনাৰ্থীসকলে আৰ টি পি চি আৰৰ প্ৰতিবেদন কৰাত বিফল হ’লে দৰ্শনাৰ্থীসকলে সাত দিনৰ বাবে হোম আইচ’লেশ্যনত যাব লাগিব ৷ এই তথ্য সদৰি কৰে পুৰীৰ জিলা উপায়ুক্ত সমৰ্থ বাৰ্মাই ৷

পুৰী ভ্ৰমণ কৰা 12খন ৰাজ্যৰ পৰ্যটকলৈ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ

ক’ভিড 19ৰ অতি সংক্ৰমিত 12 খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী, উত্তৰ প্ৰদেশ, তামিলনাডু, মধ্য প্ৰদেশ, পঞ্জাৱ, ছত্তীশগড়, কেৰালা আৰু গুজৰাট ।

ইফালে পুৰীত মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সামাজিত দূৰত্ব উলংঘন কৰিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে জিলা উপায়ুক্ত সমৰ্থ বাৰ্মাই ৷ লগতে তেওঁ গোটেই মন্দিৰটো সপ্তাহত এবাৰ কৈ চেনিটাইজ কৰাৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়ক:ক’ভিড-19 সম্পৰ্কীয় উৰাবাতৰি নাকচ বিশ্ব স্বাস্থ্য সংস্থাৰ

ABOUT THE AUTHOR

...view details