অসম

assam

ETV Bharat / bharat

৫ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি হ’ব পাৰে জি এচ টিৰ নিম্নতম শ্লেব - Possibilities of raising minimum tax

জিএছটি পৰিষদে হ’বলগীয়া পৰৱৰ্তী বৈঠকত (Next session of GST council) সৰ্বনিম্ন কৰ ৫ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । লগতে ৰাজহ বৃদ্ধি আৰু ক্ষতিপূৰণৰ বাবে কেন্দ্ৰৰ ওপৰত ৰাজ্যসমূহৰ নিৰ্ভৰশীলতা দূৰ কৰাৰ বাবে চলিত থকা জিএছটি ৰেহাই তালিকাৰ পৰা কিছু সামগ্ৰী কৰ্তন কৰাৰ কথা বিবেচনা কৰিব পাৰে । জিএছটি পৰিষদে মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ আৰম্ভণিতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ।

RATIONALIZE TAX SLABS
RATIONALIZE TAX SLABS

By

Published : Mar 6, 2022, 4:04 PM IST

নিউজ ডেস্ক, ৬ মাৰ্চ :জিএছটি পৰিষদে ইয়াৰ পৰৱৰ্তী বৈঠকত সৰ্বনিম্ন কৰ ৫ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰাৰ কথা বিবেচনা কৰাৰ সম্ভাৱনা আছে (Possibilities of raising minimum tax) । লগতে জিএছটি ৰেহাই তালিকাৰ পৰা কিছু সামগ্ৰী কৰ্তন কৰিব পাৰে ৷ এক সূত্ৰই দেওবাৰে এই কথা জনাই কয় যে, ৰাজ্য সমূহৰ ৰাজহ বৃদ্ধি আৰু ক্ষতিপূৰণৰ বাবে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীলতা দূৰ কৰাৰ উদ্দেশ্যেৰে এই সিদ্ধান্ত লোৱা হ’ব পাৰে । সূত্ৰটোৱে জনোৱা মতে ৰাজ্যৰ বিত্ত মন্ত্ৰীসকলৰ এক সমিতিয়ে এই মাহৰ শেষৰ ফালে পৰিষদৰ ওচৰত নিজৰ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে ।

বৰ্তমান, জিএছটি ব্যৱস্থা হ’ল এক চাৰিস্তৰীয় গাঁথনি যি ৫, ১২, ১৮ আৰু ২৮ শতাংশ কৰৰ হাৰ স্থিৰ কৰিছে । অত্যাৱশ্যকীয় সামগ্ৰীবোৰৰ ক্ষেত্ৰত নিম্নতম কৰৰ হাৰ ধাৰ্য থাকে (Minimum tax on essential goods) আৰু আনহাতে বিলাসী তথা আন আন সামগ্ৰী সমূহৰ ক্ষেত্ৰত সৰ্বোচ্চ ২৮ শতাংশ কৰ ধাৰ্য থাকে । বিলাসী সামগ্ৰী সমূহৰ ক্ষেত্ৰত সৰ্বাধিক ২৮ শতাংশ শ্লেবৰ ওপৰত আৰু কিছু উপ কৰো থাকে । এই সংগৃহীত হোৱা উপ কৰ জিএছটি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত ৰাজ্যসমূহে সন্মুখীন হোৱা ৰাজহ লোকচানৰ ক্ষতিপূৰণ দিবলৈ ব্যৱহাৰ কৰা হয় ।

সূত্ৰটোৱে জনোৱা অনুসৰি ৰাজ্য সমূহৰ এই মন্ত্ৰী গোটে জি এচ টিৰ কৰৰ হাৰ ক্ৰমে ৫ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে । ইয়াৰ ফলত অতিৰিক্ত ১.৫০ লাখ কোটি টকাৰ বাৰ্ষিক ৰাজহ লাভ হ'ব পাৰে । হিচাপ অনুসৰি কৰৰ নিম্নতম হাৰ মাত্ৰ ১ শতাংশ বৃদ্ধিয়ে, য'ত মূলতঃ পেকেট যুক্ত খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত থাকে, বছৰি ৫০,০০০ কোটি টকাৰ ৰাজহ লাভ হয় ।

এই সৰলীকৰণৰ অংশ হিচাপে, মন্ত্ৰী গোটে এক তিনি স্তৰৰ জিএছটি গাঁথনিৰ ওপৰতো চিন্তা কৰিছে য’ত কৰৰ হাৰ হ’ব ৮ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ । যদি এই প্ৰস্তাৱটো গ্ৰাহ্য হয় তেন্তে বৰ্তমানে ১২ শতাংশ কৰ আৰোপিত থকা সকলো সামগ্ৰীৰ ওপৰত ১৮ শতাংশ কৰ আৰোপ কৰা হ’ব ।

ইয়াৰ উপৰিও,এই মন্ত্ৰী গোটে জিএছটিৰ পৰা ৰেহাই প্ৰাপ্ত সামগ্ৰীৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াব বুলিও জানিব পৰা গৈছে । বৰ্তমানে, পেকেট নকৰা আৰু ব্ৰেণ্ডবিহীন খাদ্য আৰু দুগ্ধজাত সামগ্ৰী আদি জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে ।

এই বৈঠকৰ পাছত ৰাজ্যসমূহৰ ৰাজহ সংগ্ৰহৰ বৰ্তমান স্থিতিৰ ওপৰত যোগাত্মক প্ৰভাৱ পেলাৱ বুলি আশা কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰে জুন মাহৰ ভিতৰত জিএছটি সম্পৰ্কীয় সকলো আসোঁৱাহ দূৰ কৰি ৰাজ্যসমূহক ৰাজহৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ বাবে ব্যৱস্থা হাতত লোৱা দেখা গৈছে ।

লগতে পঢ়ক :পৰৱৰ্তী বিত্তীয় বৰ্ষত প্ৰায় 8 পৰা 8.5 শতাংশ হাৰত বৃদ্ধি পাব ভাৰতৰ অৰ্থনীতি

ABOUT THE AUTHOR

...view details