নিউজ ডেস্ক, 5 মাৰ্চ:উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত শুকুৰবাৰে ৰাতিপুৱা এটা গ্ৰেনেড বিস্ফোৰণৰ পৰা কিছু সুৰক্ষা কৰ্মী কথমপি ৰক্ষা পৰে ৷ জানিব পৰা মতে, সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে শুকুৰবাৰে ৰাতিপুৱা উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত এটা বাছ আস্থানৰ কাষত সুৰক্ষা কৰ্মীলৈ লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে ৷
জম্মু আৰু কাশ্মীৰত গ্ৰেনেড উদ্ধাৰ - জম্মু আৰু কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণ
জম্মু আৰু কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিল সুৰক্ষা কৰ্মী ৷ শুকুৰবাৰে ৰাতিপুৱা কোনো সন্দেহজনক সন্ত্ৰাসবাদীয়ে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত এটা বাছ আস্থানৰ কাষত সুৰক্ষা কৰ্মীলৈ লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে ৷
grenade found in kupwara bus stand jammu and kashmir
কুপৱাৰা এছএছপি এ শ্ৰীৰামে কয় যে, সৌভাগ্যক্ৰমে গ্ৰেনেডটোৰ বিস্ফোৰণ নঘটাৰ ফলত কোনো ধৰণৰ জীৱন আৰু সম্পত্তিৰ হানি বিঘিনি হোৱা নাই ৷ দুস্কৃতিকাৰী সকলক কৰায়ত্ব কৰাৰ উদ্দেশ্যে অঞ্চলটো ঘেৰাও কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি হাৰিয়ানাত