অসম

assam

By

Published : Mar 8, 2021, 2:00 PM IST

ETV Bharat / bharat

ক’ভিড 19 ৰ পৃথিৱীত সম অৱদান আগবঢ়োৱা নাৰীসকলৰ প্ৰতি আমি কৃতজ্ঞ

আজি 8 মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস ৷ এইবেলি ৰাষ্ট্ৰসংঘই নাৰী দিৱসৰ বিষয়বস্তু হিচাপে ঘোষণা কৰিছে ‘নেতৃত্বত নাৰী: ক’ভিড 19 ৰ পৃথিৱীত সমান ভৱিষ্যত অৰ্জন’ ৷ এই চেগতে আমি ইটিভি ভাৰতৰ সুখীভৱৰ সৈতে বিগত প্ৰায় এটা বছৰে জড়িত হৈ থকা মহিলা চিকিৎসকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷

Grateful For The Women Who Equally Contributed In the COVID-19 World
ক’ভিড 19ৰ পৃথিৱীখনত সম অৱদান আগবঢ়োৱা নাৰীসকলৰ প্ৰতি আমি কৃতজ্ঞ

ভাৰতীয় সমাজ ব্যৱস্থাত নিজৰ স্থান প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নাৰীসকলে বহু দূৰ বাট আগবাঢ়ি আহিছে ৷ পুৰুষতান্ত্ৰিক সমাজখনে বৰ্তমানে নাৰীৰ সম অধিকাৰৰ লগতে সৱলীকৰণৰ ক্ষেত্ৰত মাত মাতিবলৈ অধিকাৰ প্ৰদান কৰিছে ৷ আজি 8 মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস ৷ এইবেলি ৰাষ্ট্ৰসংঘই নাৰী দিৱসৰ বিষয়বস্তু হিচাপে ঘোষণা কৰিছে ‘নেতৃত্বত নাৰী: ক’ভিড 19 ৰ পৃথিৱীত সমান ভৱিষ্যত অৰ্জন’ ৷ এই চেগতে আমি ইটিভি ভাৰতৰ সুখীভৱৰ সৈতে বিগত প্ৰায় এটা বছৰে জড়িত হৈ থকা মহিলা চিকিৎসকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ কৰ’ণা মহামাৰীৰ বিভীষিকাৰ সময়ছোৱাত ইয়াৰে কিছুসংখ্যকে চিকিৎসালয়ত আক্ৰান্ত ৰোগীসকলৰ সুশ্ৰূষাত নিয়োজিত হৈ থকাৰ বিপৰীতে আন কিছু সংখ্যকে সাধাৰণ ৰাইজৰ মানসিক স্বাস্থ্যৰ লগতে এই ৰোগ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কাম কৰিছে ৷ তেওঁলোকে মহামাৰীৰ সময়ছোৱাত নিজৰ অভিজ্ঞতা আমাৰ সৈতে ব্যক্ত কৰিছে ৷

মহামাৰীৰ সময়ত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান সন্দৰ্ভত প্ৰশ্ন কৰাত ডাঃ ৰাজ্যলক্ষ্মী মাধৱমে (এম ডি আয়ুৰ্বেদ, AMD আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা) কয়, "এগৰাকী আয়ুৰ্বেদ চিকিৎসক হিচাপে, মই অনলাইন কনচাল্টেশ্যনৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো, কাৰণ মই পালছ পৰীক্ষা কৰিবলৈ সক্ষম হোৱা নাছিলো লগতে ৰোগীজনক পৰীক্ষা কৰিবলৈও সক্ষম হোৱা নাছিলো ৷ আমি আমাৰ ৰোগী গৰাকীক প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ যোৱাৰ বাবেও ক’ব পৰা নাছিলো ৷ ইয়াৰ উপৰিও ঔষধৰ নাটনি, পঞ্চকৰ্ম থেৰাপীৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল"৷

যিহেতু মহামাৰীৰ সময়ছোৱাত লোকসকলৰ মানসিক স্বাস্থ্যও যথেষ্ট প্ৰভাৱিত হৈছিল, এইক্ষেত্ৰত আমাৰ পেনেল মনোবিজ্ঞানী আৰু মনোৰোগ বিশেষজ্ঞসকলো সমস্যাৰ সন্মুখীন হৈছিল ৷ কাৰণ মহামাৰীৰ সময়ছোৱাত সকলো পৰামৰ্শ কেৱল টেলিফোন নাইবা অনলাইনযোগে প্ৰদান কৰা হৈছিল ৷ ডাঃ বীণা কৃষ্ণণে কয়, "মই মানসিক সমস্যাত ভূগি থকা বিভিন্ন ধৰণৰ অচিনাকী লোকৰ ফোন কল লাভ কৰিছিলো ৷ ঔষধৰ অভাৱৰ বাবে মোৰ বহু ৰোগী পুনৰ আক্ৰান্ত হোৱাৰ উপৰিও যিবোৰ পদাৰ্থ তেওঁলোকে ব্যৱহাৰ কৰিছিল ,সেইসমূহ বাদ দিয়াৰ পিছৰ সমস্যাই দেখা দিবলৈ আৰম্ভ কৰিছিল ৷ প্ৰাৰম্ভিক অৱস্থাত এইসমূহ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলো ৷ কিন্তু সময়ৰ লগে লগে আমি ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হওঁ ৷ যেতিয়া আমি ৰোগী এজনক পৰোক্ষভাৱে নিৰীক্ষণ কৰো তেতিয়া আমি তেওঁৰ স্বাস্থ্য সন্দৰ্ভত সম্পূৰ্ণ আভাস এটা পাও কিন্ত অনলাইন চিকিৎসাৰ ক্ষেত্ৰত পৰস্থিতি পৃথক ৷ আমি এই ক্ষেত্ৰত ৰোগীজনে কি কয় তাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হ’বলগীয়া হয় ৷ ইয়াৰ উপৰিও নেটৱৰ্কৰ সমস্যা, কাৰিকৰী সমস্যাৰ উপৰিও আমি ৰোগীজনৰ ভাৱ-ভংগীমা পঢ়িবলৈ সক্ষম নহও ৷ কিন্তু মোৰ পূৰ্বৰ অভিজ্ঞতাৰ পৰা মই ৰোগীসকলক সহায় কৰিবলৈ সক্ষম হৈছো "৷

ডেৰাডুনৰ জ্যেষ্ঠ শিশু বিশেষজ্ঞ ডাঃ লতিকা জোশীয়ে কয়, "অনলাইন চিকিৎসাৰ সময়ত শিশুসকলৰ স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল কাৰণ শিশুসকল এই ভাইৰাছৰ দ্বাৰা কেনেদৰে আক্ৰান্ত হ’ব পাৰে সেই সন্দৰ্ভত খুব কম পৰিমাণে জনা গৈছিল ৷ "চিকিৎসালয়ত আমি পৰ্যাপ্ত চেনিটাইজেশ্যন সন্দৰ্ভত চিন্তিত হৈ আছিলো ৷ এনে পৰিস্থিতি কোনো শিশু চিকিৎসালয়ত ভৰ্তি হ’লে আমি এইটো নিশ্চিত কৰিছিলো যে শিশুটোৱে এই ভাইৰাছ কঢ়িয়াই লৈ নাহক বা ইয়াৰ দ্বাৰা অন্য শিশু বা তেওঁলোকৰ অভিভাৱক আক্ৰান্ত নহওক ৷ প্ৰাৰম্ভিক অৱস্থাত অনিশ্চয়তাৰ বাবে ই কিছু কঠিন আছিল যদিও আমি ভাইৰাছ বিধৰ সন্দৰ্ভত যথেষ্ট তথা জানিবলৈ সক্ষম হও ৷ যাৰ বাবে পৰৱৰ্তী সময়ত আমি ইয়াৰ সৈতে আৰু অধিক উন্নত ধৰণে মোকাবিলৈ কৰিবলৈ সক্ষম হওঁ"৷

বিশ্বৰ সকলো প্ৰান্তৰে বিভিন্ন ধৰণৰ কৰ্মত নিয়োজিত মহিলাসকলে লক ডাউনৰ সময়ছোৱাত ঘৰৰ উপৰিও নিজৰ কৰ্মক্ষেত্ৰকো সমানে নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছিল ৷ কাৰ্যালয়ৰ কামৰ উপৰিও তেওঁলোকে নিজ সন্তান, স্বামী, শাহু-শহুৰৰ চোৱাচিতা কৰিবলগীয়া হৈছিল ৷ ডাঃ ৰাজ্যলক্ষ্মীয়ে কয়, "যিহেতু লক ডাউনৰ সময়ত আমি কোনো ঘৰুৱা সহায়িকাৰ সহায় ল’ব পৰা নাছিলো তেনে ক্ষেত্ৰত ঘৰুৱা কাম-কাজৰ উপৰিও ৰোগীসকলৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হৈছিল ৷ কিন্তু এই সময়ছোৱাত মই বহু কেইখনমান ৱেবিনাৰত অংশগ্ৰহণ কৰিছিলো, যি মোৰ দক্ষতা বিকাশ কৰাৰ উপৰিও মোক জ্ঞান অৰ্জনতো সহায় কৰে ৷"ডাঃ কৃষ্ণণে কয়"মই এই সময়ছোৱাত মোৰ পৰিয়ালৰ লোকৰ পৰাও যথেষ্ট সহযোগিতা লাভ কৰিছো ৷ প্ৰথমাৱস্থাত আমি আমাৰ কামসমূহ ভগাই লৈছিলো, যি পৰৱৰ্তী সময়ত অভ্য়াসত পৰিণত হয় ৷ মই সুখী যে মই এই সময়ছোৱাত নিজৰ পৰিয়ালৰ লোকৰ সৈতে সময় অতিবাহিত কৰিবলৈ সক্ষম হৈছো"৷

গতিকে দেখা যায় যে, নাৰী সকলেও পুৰুষৰ সমানেই ক’ভিড 19 ৰ সময়ছোৱাত কাম কৰিছে ৷ আমাক প্ৰদান কৰা তথ্য, সহযোগিতা, সহায়ৰ বাবে আমি তেওঁলোকক কেতিয়াও পৰ্যাপ্ত পৰিমাণে ধন্যবাদ জ্ঞাপন কৰিব নোৱাৰো ৷ ইয়াৰ উপৰিও ভাৰতে নাৰী সৱলীকৰণ আৰু পুৰুষৰ সমানেই নাৰীকো সম অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰি আহিছে ৷ আমি ইয়াকে লৈ গৌৰৱান্বিত হোৱা উচিত ৷

ABOUT THE AUTHOR

...view details