নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ :ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ বৃহস্পতিবাৰে বেলমোৰত মৃত্যু হয় (Queen Elizabeth II died in Belmore)। তেওঁ ব্ৰিটেইনৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময় ৰাজত্ব কৰা ৰাণী হিচাপে জনাজাত আছিল (Longest reigning queen of Britain)। ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকে তেওঁক শ্ৰদ্ধাঞ্জলি আৰু সমবেদনা জ্ঞাপন কৰা দেখা গৈছে ।
ভাৰততো ৰাণী দ্বিতীয় এলিজাবেথক স্মৰণ কৰা দেখা গৈছে । কিয়নো ৰাণী দ্বিতীয় এলিজাবেথে তিনি বাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল । তাৰ ভিতৰত অন্যতম আছিল তেওঁৰ বাৰাণসী ভ্ৰমণ । ১৯৬১ চনত বাৰাণসীলৈ অহা ইংলেণ্ডৰ ৰাণী এলিজাবেথক বিপুল আদৰণি জনোৱা হৈছিল ।
সেই সময়ত কাশীৰ ৰজাই এলিজাবেথক (Queen Elizabeth second) আদৰণি জনোৱাৰ বাবে বিশেষ প্ৰস্তুতি চলাইছিল । তেওঁ ১৯৬১ চনত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ (Former PM Jawaharlal Nehru) সৈতে বাৰাণসীলৈ আহিছিল । এলিজাবেথক ৰামনগৰ দূৰ্গৰ পৰা বিজয়নগৰম দূৰ্গলৈ বিশাল আদৰণি জনোৱা হৈছিল । এই অভ্যৰ্থনাৰ দ্বাৰা ৰাণী নিজেও অভিভূত হৈছিল ।
ৰামনগৰ কিল্লাত বিশ্ৰাম লৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত কাশীৰ ৰজা ৰাণী দ্বিতীয় এলিজাবেথৰ সৈতে উপস্থিত আছিল । বাৰাণসীৰ পৰম্পৰা অনুসৰি, অতিথিগৰাকীক কাশীৰ ৰজাৰ সৈতে হৰ-হৰ মহাদেৱৰ জপনাৰে আদৰণি জনোৱা হৈছিল । ইয়াৰ পাছত গংগাৰ পাৰত উপস্থিত হৈছিল ৰাণী দ্বিতীয় এলিজাবেথ ।