নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: ৩২ বছৰীয়া মহিলা উদ্যোগী পংখুৰী শ্ৰীবাস্তৱৰ অকাল বিয়োগ (Entrepreneur Pankhuri Shrivastava dies at 32) । নাৰীকেন্দ্ৰিক ছ'চিয়েল কমিউনিটি প্লেটফৰ্ম পংখুৰী আৰু গ্ৰেবহাউচ শীৰ্ষক ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাপক পংখুৰী শ্ৰীবাস্তৱে যোৱা ২৪ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে (Pankhuri founder Pankhuri Shrivastava no more) ।
পংখুৰীয়ে প্ৰতিষ্ঠা কৰা গ্ৰেবহাউচ নামৰ ষ্টাৰ্ট আপ ২০১৬ চনত কুইকাৰ কোম্পানীক বিক্ৰী কৰা হৈছিল । উদ্যোগীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কলাৰী কেপিটেলৰ প্ৰতিষ্ঠাপক বাণী কোলাই দেওবাৰে টুইটযোগে উল্লেখ কৰে যে, পংখুৰীৰ মৃত্যুৰ বাতৰিয়ে তেওঁ আচম্বিত কৰি তুলিছে । বাণীয়ে পংখুৰীক আত্মবিশ্বাসী মহিলা বুলি প্ৰশংসা কৰি আত্মাৰ চিৰশান্তি কামনা কৰে । পংখুৰীৰ মৃত্যু ষ্টাৰ্ট আপ খণ্ডৰ বাবে এক বৃহৎ ক্ষতি বুলিও তেওঁ শোক প্ৰকাশ কৰে ।