অসম

assam

ETV Bharat / bharat

সোমবাৰে কৃষক সংগঠনৰ সৈতে সপ্তম পৰ্যায়ৰ বৈঠকত মিলিত হ’ব কেন্দ্ৰ

সোমবাৰে কেন্দ্ৰ আৰু কৃষক সংগঠনৰ মাজত সপ্তম পৰ্যায়ৰ বৈঠক ৷ বৈঠকত আন্দোলন আৰু আইন তিনিখনক লৈ সমাধান ওলাব বুলি আশা প্ৰকাশ কেন্দ্ৰীয় ৰাজ্যিক কৃষি মন্ত্ৰী কৈলাশ চৌধাৰীৰ ৷

Govt to hold seventh round of talks with farmer unions
কেন্দ্ৰ আৰু কৃষক সংগঠনৰ মাজত সপ্তম পৰ্যায়ৰ বৈঠক

By

Published : Jan 4, 2021, 8:01 AM IST

নেশ্যনেল ডেস্ক,4 জানুৱাৰী : বিগত এমাহৰো অধিক সময় ধৰি দেশত অব্যাহত থকা কৃষি আইন বিৰোধী আন্দোলনৰ মাজতে সোমবাৰে কেন্দ্ৰ আৰু কৃষক সংগঠনৰ মাজত অনুষ্ঠিত হ’ব সপ্তম পৰ্যায়ৰ বৈঠক ৷

এই সপ্তম পৰ্যায়ৰ বৈঠকত আন্দোলন আৰু আইন তিনিখনক লৈ সমাধান ওলাব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰাজ্যিক কৃষি মন্ত্ৰী কৈলাশ চৌধাৰীয়ে ৷

বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰ আৰু কৃষকৰ মাজত 6 বাৰ বৈঠক সম্পন্ন হয় যদিও এবাৰো দুয়োপক্ষই সমাধানত উপনীত হ’ব পৰা নাই ৷ শনিবাৰৰ নিশাৰে পৰা হোৱা বৰষুণৰ বাবে আন্দোলনৰ স্থানসমূহত পানী জমা হোৱাৰ পৰিপ্ৰেক্ষিততো কৃষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ । উত্তৰ ভাৰতত বৰষুণ আৰু চলি থকা শীতল বতৰ স্বত্বেও কৃষকসকলে কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি ৰাষ্ট্ৰীয় ৰাজধানীৰ সীমাত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷

2 জানুৱাৰীত প্ৰায় 40 টা কৃষক সংগঠনৰ যুটীয়া কৃষক মৰ্চাই শংকা প্ৰকাশ কৰি কয় যে, তেওঁলোকৰ দাবী পূৰণ নকৰিলে কৃষকসকলে ট্ৰেক্টৰ, ট্ৰলী আৰু অন্যান্য বাহনৰ সৈতে 26 জানুৱাৰীত দিল্লীলৈ যোৱাৰ হুংকাৰ দিয়ে আৰু আনুষ্ঠানিক পেৰেডৰ পাচত ‘কৃষক গণৰাজ্য পেৰেড’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক :স্বদেশী প্ৰতিষ্ঠানত ক'ভিডৰ ভেকচিন প্ৰস্তুত হোৱাটো দেশৰ বাবে ইতিবাচক: AIIMS ৰ সঞ্চালক

ABOUT THE AUTHOR

...view details