নেশ্যনেল ডেস্ক,২৩ জুলাই :দেশৰ ২৮৪ খন চহৰৰ ৮০৮ টা এফএম ৰেডিঅ' ষ্টেচনৰ ই-নিলাম অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ভাৰত চৰকাৰ । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে দেওবাৰে কোৱা মতে ৰেডিঅ' যোগাযোগৰ পৰিসৰ যাতে আৰু অধিক বৃদ্ধি পায় সেইবাবে চৰকাৰে শীঘ্ৰে ৰেডিঅ' ষ্টেচনৰ ই-নিলাম অনুষ্ঠিত কৰিব ।
ৰিজ'নেল কমিউনিটী ৰেডিঅ' সন্মিলন (উত্তৰ) সম্বোধন কৰি ঠাকুৰে কয় যে চৰকাৰে অনুপালনৰ সংখ্যা হ্ৰাস কৰি ৰেডিঅ' ষ্টেচন, বিশেষকৈ সামূহিক ৰেডিঅ' পৰিচালনাৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ প্ৰক্ৰিয়াবোৰো সহজ কৰি তুলিছে ।
তেওঁ কয় যে ভাৰতত বৰ্তমান ২৬ খন ৰাজ্য আৰু ৫ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১৩ খন চহৰত ৩৮৮ টা এফএম ৰেডিঅ' ষ্টেচন আছে । ঠাকুৰে কয় যে চৰকাৰে এতিয়া ৰেডিঅ' সেৱা অধিক সম্প্ৰসাৰিত কৰাৰ বাবে শীঘ্ৰেই ২৮৪ খন চহৰত ৮০৮ টা ৰেডিঅ' ষ্টেচনৰ ই-নিলামৰ তৃতীয় পৰ্যায়ৰ পৰিকল্পনা কৰিছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে দূৰৱৰ্তী অঞ্চলত ৰেডিঅ' টাৱাৰ স্থাপন কৰি আছে যাতে কভাৰেজ অধিক উন্নত হয় ।