অসম

assam

By

Published : Aug 4, 2023, 7:51 PM IST

ETV Bharat / bharat

BRO: তিনি বছৰত 25শ কোটি ব্যয়েৰে সীমান্তৱৰ্তী অঞ্চলত 25,000 কি.মি. পথ নিৰ্মাণ সীমান্ত পথ সংস্থাৰ

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ যাতায়ত ব্যৱস্থা উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে BRO ৷ বিগত তিনিবছৰত BRO য়ে সীমান্তৱৰ্তী বহুকেইটা অঞ্চলত নিৰ্মাণ কৰিছে মুঠ 2,500 কিলোমিটাৰ পথ ৷ ৰাজ্যসভাত প্ৰকাশ পাইছে এই তথ্য ৷

BRO
BRO

নেশ্যনেল ডেস্ক, 4 আগষ্ট:শুকুৰবাৰে ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি সীমান্ত পথ সংস্থাই বিগত তিনি বছৰত 2,500 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে ৷ মুখ্যতঃ চীনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত আৰু সেই স্থানৰ প্ৰকল্পসমূহত 1432.2 কোটি টকা ব্যয় কৰা হৈছে ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি মুঠ 2445.54 কিলোমিটাৰ পথ নিৰ্মাণৰ ভিতৰত 1509.47 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে চীনৰ সীমান্তৱৰ্তী এলেকাত ৷ ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশত 507.14 কিলোমিটাৰ পথ নিৰ্মাণ, লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলত 453.59 কি.মি., উত্তৰাখণ্ডত 343.56 কিমি, ছিকিমত 164.95 কিমি আৰু হিমাচল প্ৰদেশত 40.23 কি.মি. পথ নিৰ্মাণ কৰা হৈছে ৷

একেদৰে, উত্তৰ-পূব অঞ্চলত মুঠ মুঠ 795.69 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশৰ 507.14 কিলোমিটাৰ এলেকাত, মিজোৰামত 53.54 কি.মি., নাগালেণ্ডত 63.76 কি.মি., মণিপুৰত 6.30 কি.মি. আৰু ছিকিমত ৯৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে ৷

পাকিস্তান সীমান্তত থকা জম্মু কাশ্মীৰ, ৰাজস্থান আৰু পঞ্জাৱত মুঠ 789.65 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত জম্মু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত 443.94 কিলোমিটাৰ, ৰাজস্থানত 311.14 কিলোমিটাৰ আৰু পঞ্জাৱত 34.57 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে ৷

দেশত যোৱা তিনি বছৰত বিআৰঅ'ৰ দ্বাৰা পথ ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰে অনুমোদন/বহন কৰা পৰিমাণৰ সৈতে নিৰ্ধাৰিত সীমান্ত পথৰ দৈৰ্ঘ্য সম্পৰ্কে এক প্ৰশ্নৰ উত্তৰ দি ৰাজ্যসভাৰ প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ লিখিত উত্তৰত এই তথ্য উল্লেখ কৰা হৈছে ৷

যোৱা তিনি বছৰত সীমান্ত পথৰ বাবে বিআৰঅ'য়ে অনুমোদন জনোৱা আৰু বহন কৰা ব্যয়ৰ ক্ষেত্ৰত, মুঠ 2545.83 কোটি পুঁজি মঞ্জুৰ কৰা হৈছে ৷ 2020 চনত 870.80 কোটি, 2021 চনত 752.03 কোটি আৰু 2022 চনত 923 কোটি পুঁজি মঞ্জুৰ কৰা হৈছে ৷ ইয়াৰ ভিতৰত 2020 চনত 841.22 কোটি, 2021 চনত 744.52 কোটি আৰু 2022 চনত 846.46 কোটি টকাৰ সৈতে মুঠ 2432.2 কোটি টকা ব্যয় কৰা হৈছে ৷

লগতে পঢ়ক:Rahul Gandhi Defamation case: ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত ৰাখিম; পূৰ্ণেশ মোদী

ABOUT THE AUTHOR

...view details