নেশ্যনেল ডেস্ক , 23 ছেপ্টেম্বৰ :মিছন আত্মনিৰ্ভৰ ভাৰত(Mission Aatmanirbhar Bharat)ক আগুৱাই নিয়া পদক্ষেপৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা patent filing আৰু processing মাচুল 80 শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ৷ এই সন্দৰ্ভত প্ৰকাশিত এক বিজ্ঞপ্তি অনুসৰি, patent rules সংশোধন কৰি এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ৷
উল্লেখ্য যে, পূৰ্বে চৰকাৰৰ মালিকানাধীন সকলো স্বীকৃত শিক্ষানুষ্ঠানৰ বাবে এই সুবিধা উপলব্ধ আছিল ৷ শেহতীয়াকৈ উদ্ভাৱন আৰু সৃজনশীলতাক গুৰুত্ব প্ৰদান কৰি ভাৰতে ইয়াৰ intellectual property ecosystem শক্তিশালী কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ উদ্ভাৱনৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰচাৰ বিভাগে উদ্যোগ আৰু শিক্ষাৰ মাজত অধিক সহযোগিতা বৃদ্ধিৰ দিশতো কাম কৰি অহা দেখিবলৈ পোৱা গৈছে ৷ শিক্ষানুষ্ঠানসমূহত কৰা গৱেষণাৰ বাণিজ্যিকীকৰণৰ সুবিধা প্ৰদান কৰি এই লক্ষ্য প্ৰাপ্ত কৰিব পাৰি ৷
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মতে এই প্ৰতিষ্ঠানসমূহ বহুতো গৱেষণা কাৰ্যকলাপত জড়িত থাকে, য'ত অধ্যাপক, শিক্ষক আৰু শিক্ষাৰ্থীসকলে বহুতো নতুন প্ৰযুক্তি সৃষ্টি কৰে যাক ইয়াৰ বাণিজ্যিকীকৰণৰ সুবিধাৰ বাবে পেটেন্ট কৰাৰ প্ৰয়োজনীয়তা আছে ৷