অসম

assam

ETV Bharat / bharat

ক'ভিশ্বিল্ড আৰু ক’ভেক্সিনৰ ৪৪ কোটি পালিৰ অৰ্ডাৰ কৰিছে চৰকাৰে - ক’ভেক্সিন

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ক'ভিশ্বিল্ড (Covishield) আৰু ক’ভেক্সিন (Covaxin)ৰ ৪৪ কোটি পালিৰ অৰ্ডাৰ কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় (Central Health Ministry) ৰ মতে ২০২১ চনৰ আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ নিৰ্মাতাসকলে ভেকছিনৰ এই ৪৪ কোটি পালি প্ৰদান কৰিব । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ক'ভিশ্বিল্ড (Covishield)ৰ ২৫ কোটি পালিৰ বাবে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (Serum Institute Of India) আৰু ভাৰত বায়’টেক (Bharat Biotech) ৰ পৰা ক’ভেক্সিন (Covaxin) ৰ ১৯ কোটি পালিৰ বাবে অৰ্ডাৰ দিয়া হৈছে ।

Covishield
ক'ভিশ্বিল্ড আৰু ক'ভাক্সিনৰ ৪৪ কোটি পালিৰ অৰ্ডাৰ

By

Published : Jun 8, 2021, 7:34 PM IST

নেশ্যনেল ডেস্ক, ৮ জুন :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) য়ে ৰাজ্যিক ক্ৰয় কোটা অধিগ্ৰহণ কৰিব আৰু ৰাজ্য চৰকাৰসমূহক ১৮ বছৰৰ উৰ্ধৰ সকলোৰে টীকাকৰণৰ বাবে বিনামূলীয়া পালি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ এদিন পিছতে কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ক'ভিশ্বিল্ড (Covishield) আৰু ক’ভেক্সিন (Covaxin) ৰ ৪৪ কোটি পালিৰ অৰ্ডাৰ কৰে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় (Central Health Ministry)ৰ মতে ২০২১ চনৰ আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ নিৰ্মাতাসকলে ভেকছিনৰ এই ৪৪ কোটি পালি প্ৰদান কৰিব । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ক'ভিশ্বিল্ড (Covishield) ৰ ২৫ কোটি পালিৰ বাবে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (Serum Institute Of India) আৰু ভাৰত বায়’টেক (Bharat Biotech) ৰ পৰা ক’ভেক্সিন Covaxin)ৰ ১৯ কোটি পালিৰ বাবে অৰ্ডাৰ দিয়া হৈছে ।

ইয়াৰ উপৰিও দুয়োটা ভেকছিন ক্ৰয়ৰ বাবে আগতীয়াকৈ ৩০ শতাংশ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া (Serum Institute Of India) আৰু ভাৰত বায়’টেক (Bharat Biotech) লৈ মুকলি কৰা হৈছে । এগৰাকী বিষয়াই জনোৱা মতে কেন্দ্ৰই এই বছৰৰ ১৬ জানুৱাৰীৰ পৰা "সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ" অধীনত এক কাৰ্যকৰী টীকাকৰণ অভিযানৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰচেষ্টাক সমৰ্থন কৰি আহিছে ।

বিষয়াগৰাকীৰ মতে দেশজুৰি টীকাকৰণ অভিযানক অধিক সাৰ্বজনীন কৰাৰ লক্ষ্যৰে ১৮ বছৰ উৰ্ধৰ সকলো নাগৰিকে চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত বিনামূলীয়াকৈ ভেকছিনৰ পালি লাভ কৰিব পাৰিব ।

কেন্দ্ৰীয় চৰকাৰে ২১ জুনৰ পৰা ১৮ বছৰৰ অধিক বয়সৰ সকলোৰে টীকাকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল (Union territory) সমূহক বিনামূলীয়া ভেকছিন প্ৰদান কৰিব । প্ৰধানমন্ত্ৰী মোডীয়ে সোমবাৰে কয় যে কেন্দ্ৰই ২৫ শতাংশ ৰাজ্যিক ক্ৰয় কোটা অধিগ্ৰহণ কৰিব ।

আগন্তুক দিনত ভেকছিনৰ যোগান যথেষ্ট বৃদ্ধি কৰা হ'ব বুলি দাবী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰই এতিয়া ৰাজ্যসমূহলৈ বিনামূলীয়া যোগানৰ বাবে ভেকছিন নিৰ্মাতাসকলৰ পৰা ৭৫ শতাংশ জেব ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে,আনহাতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে বাকী ২৫ শতাংশ ক্ৰয় অব্যাহত ৰাখিব ।

লগতে পঢ়ক:বিভিন্ন বিষয়কলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details