আগৰতলা,২৯ এপ্ৰিল :ত্ৰিপুৰাৰ জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদ অঞ্চলত খোৱাপানীৰ তীব্ৰ সংকট দেখিবলৈ পোৱা গৈছে (Drinking water crisis in TTAADC area)। যাৰ বাবে বিভিন্ন স্থানত ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । খোৱাপানীৰ নাটনিৰ বাবে একপ্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গ্ৰামাঞ্চলত ।
ইয়াৰ মাজতে ৰাজ্যখনৰ খোৱাপানী আৰু অনাময় মন্ত্ৰী সুশান্ত চৌধুৰীৰ বিশেষ নিৰ্দেশনা । জনজাতীয় অঞ্চলসমূহক যিমান সম্ভৱ সোনকালে জল জীৱন মিছনৰ অধীনলৈ আনিবলৈ নিৰ্দেশ দিয়ে (Implementation of Jal Jeevan Mission scheme in TTAADC area)। বিভাগৰ সকলো বিষয়াক এই নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে টিটিএএডিচিৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মণিক্য দেব্বাৰ্মা, মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণচন্দ্ৰ জামাতিয়া আৰু আন শীৰ্ষ বিষয়াসকলৰ সৈতে টিটিএএডিচিৰ মুখ্য কাৰ্যালয় খুমুলৱঙত এক বৈঠকত মিলিত হয় । এই বৈঠকতে মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ সৈতে জড়িত উচ্চ পদস্থ বিষয়া আৰু অভিযন্তাসকলক "জল জীৱন মিছন" প্ৰকল্পৰ জৰিয়তে টিটিএএডিচি এলেকাত প্ৰকল্পটোৰ অগ্ৰগতি আৰু দ্ৰুত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে ।
মন্ত্ৰীগৰাকীয়ে, উল্লেখ কৰা মতে খোৱাপানী আৰু অনাময় বিভাগে ৰাজ্যখনৰ বিশেষকৈ গ্ৰামাঞ্চলত জল জীৱন মিছন আঁচনিৰ দ্ৰুত অগ্ৰগতিৰ বাবে কাম কৰি আহিছে । মন্ত্ৰীগৰাকীৰ মতে এই আঁচনিয়ে খোৱাপানীৰ যোগান ধৰাৰ লগতে নিযুক্তিৰো সৃষ্টি কৰিছে আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশত অৰিহণা যোগাইছে । সেয়েহে জনজাতীয় অঞ্চলত কোনো পলম নকৰাকৈ এই আঁচনি ৰূপায়ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।
লগতে পঢ়ক :চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ প্ৰস্তাৱ